ছাইদুল ইছলাম, ডিফুঃ বাৰিষাৰ পূৰ্বেই ডিফু চহৰত চলিল চাফাই অভিযান৷ ক্লীন কাৰ্বি আংলং মিচনৰ নগৰীয়া স্বচ্ছ ভাৰতৰ অংশ স্বৰূপে শনিবাৰে ডিফু মিউনিচিপাল্টি ব'ৰ্ডৰ উদ্যোগত অধ্যক্ষ ৰাহ ক্ৰ'ৰ নেতৃত্বত পুৱা ৭ বজাৰপৰাই ডিফু চহৰ এলেকাত চলিল চাফাই অভিযান৷
উক্ত চাফাই অভিযানত নৱগঠিত মিউনিচিপাল্টি ব'ৰ্ডখনৰ ৱাৰ্ড কমিচনাৰসকলৰ লগতে প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙ, বিজেপি কৰ্মী-সমৰ্থক আৰু স্থানীয় লোক সকলেও অংশগ্ৰহণ কৰে৷ চাফাই অভিযানত একাধিক্ৰমে, ১নং আৰু ২নং ৱাৰ্ডৰ ওপৰি চহৰখনৰ মাজতে স্থাপন হোৱা 'জাম্বলি আথন', 'ৰংফাৰপি ৰংবে'ৰ আবক্ষ মূৰ্তি খৰচিং টেৰাং আৰু ছেমচনচিং ইংতি সোঁৱৰণি পাৰ্কত পানীৰে পৰিষ্কাৰ কৰাৰ লগতে হাতে হাতে ঝাড়ু-টুকুৰী লৈ চাফা কৰে৷
উল্লেখযোগ্য যে, ভাৰত চৰকাৰে ইতিমধ্যে ডিফু চহৰক অন্যতম পৰিষ্কাৰ চহৰ হিচাপে স্বিকৃতি দিয়াৰ পাছত বিজেপি শাসিত ডিফু মিউনিচিপাল্টি ব'ৰ্ডখনে উক্ত সন্মান অক্ষুণ্ণ ৰখাৰ বাবে আজিৰ চাফাই অভিযানৰপৰাই সেউজ সংকেত দিয়ে৷
চাফাই অভিযানৰ অন্তত ডিফু মিউনিচিপাল্টি ব'ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰই সাংবাদিকক কয় যে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সপোনৰ চহৰখনক চিৰ সেউজ আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ তেওঁ দায়বদ্ধ আৰু আজিৰ এই চাফাই অভিযান চহৰবাসীৰ প্ৰতি স্বচ্ছতাৰ দিশে এক সজাগতাৰ সৃষ্টি কৰিব আৰু ৰাইজকো চহৰখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷
উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে সততে এনে চাফাই অভিযান চলোৱা পৰিলক্ষিত হয় যদিও নিৰ্বাচনৰ সকলো ব্যস্ততা পাৰ হোৱাৰ পাছতো চহৰখনত এনে চাফাই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে৷