মোৰাঝাৰঃ অসাধু ব্যৱসায়ীয়ে এতিয়াও অব্যাহত ৰাখিছে অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায়| এফালে হত্যা, লুণ্ঠন, ধৰ্ষণে আৱৰি ধৰিছে জিলা খন| আনফালে শিল, বালিৰ চোৰাং তথা অবৈধ ব্যৱসায়ে চৰকাৰখনক কোঙা কৰি পেলাইছে| হেৰাইছে লাখ লাখ টকাৰ ৰাজহ|পকেট গৰম হৈছে অসাধু ব্যৱসায়ীৰ|

হোজাই জিলাৰ মোৰাঝাৰৰ যমুনা নদীৰ দেৱস্থান আৰু চিতলমাৰী বালি ঘাটত কৰ ফাঁকিৰে ট্ৰাক ট্ৰাকে চলাইছে ব্যৱসায়| চৰকাৰীভাৱে আবণ্টন লাভ কৰিলেও বিভাগক বুঢ়া আঙুলি দেখুৱাই চালানবিহীনভাৱে চলাই গৈছে ব্যৱসায়| 

যমুনা নৈৰ দেৱস্থান বালি ঘাটৰ দুয়োপাৰে খনন কাৰ্য চলিছে, মেচিন লগাই উঠোৱা হৈছে বালি, যিটো নীতিবহিৰ্ভূত| ফলত বৃহৎ এলেকা যিকোনো সময়তে খহি নদীত জাহ যাব পাৰে| চৰম সংকটত নদীপৰীয়া ৰাইজ|

বাৰিষা সমাগত, বন বিভাগ বা কোনোবা নেতা পালিনেতাই ঠাই ডোখৰ পৰিদৰ্শন কৰিলে অনুমান কৰিব পাৰিব| আচলতে কেনেদৰে চলিছে এই অবৈধ ব্যৱসায়| ইপনি অতিৰিক্ত বোজাইৰে বালিভৰ্তি ট্ৰাকৰ বাবে মোৰাঝাৰ নীলবাগান হৈ যোৱা পথ নিৰ্মাণ নৌহওঁতে জহি-খহি যাবলৈ ধৰিছে| এতিয়া তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দল-সংগঠনে দাবী উত্থাপন কৰিছে, অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে|