দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰনৰ্দ্দী অঞ্চলৰ পানীগাঁৱৰ এজন যুৱকৰ আকস্মিক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, বৃহস্পতিবাৰে আবেলি ২-৩০ মান বজাত পানীগাঁৱৰ তথা নলবাৰী মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰ ৰাজীৱ বৈশ্য (২৩) নামৰ যুৱকজনে পথাৰত মাছ মাৰিবলৈ গৈছিল।

সন্ধিয়া ভাগলৈ যুবকজন ঘৰলৈ নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত সন্ধিয়া ৬-৩০ মান বজাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

পাছত যুৱকজনৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ অনা হয়। শুকুৰবাৰে দুপৰীয়া যুৱকজনৰ মৃতদেহ সৎকাৰ কৰা হয়।