♦ যিকোনো পৰিস্থিতিত মোকাবিলা কৰিবলৈ বাবে সাজু প্ৰশাসন

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওৰিশাত ফনি নামৰ ঘূৰ্নীবতাহে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে বতৰ বিজ্ঞান অনুসৰি ৪ আৰু ৫ মে'ত অসমৰ কেইবাখনো জিলাত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভৱনাই দেখা দিয়ে।  

সংশ্লিষ্ট জিলা কেইখনৰ ভিতৰত ওদালগুৰি জিলাখনৰ নামো সন্নিবিষ্ট হৈ আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ মতে দেওবাৰে ওদালগুৰি জিলাত নেৰানেপেৰাকৈ প্ৰৱল বৰষুনৰ সম্ভাৱনা আছে। কিন্তু নিৰ্দ্দিষ্ট দিনটোৰ পূৰ্বৰপৰাই ওদালগুৰিত তেনে আগজাননি পোৱা গৈছে। বিগত প্ৰায় এটা সপ্তাহ ধৰি প্ৰতিদিনেই অব্যাহত আছে বৰষুণ। শনিবাৰে পুৱাৰপৰা সমগ্ৰ ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ দি আছে বৰষুণ।

ক্ৰমান্বয়ে বৰষুনৰ মাত্ৰা বাঢ়ি যোৱাৰ লগতে আবেলিলৈ মৃদু বতাহে ববলৈ ধৰে। ফলত চৰ্চাত থকা ঘূৰ্ণী বতাহ 'ফনি'ক লৈ একপ্ৰকাৰ জিলাবাসী কিছু পৰিমাণে আতংকিত হৈ পৰা দেখা গৈছে। অৱশ্যে আঞ্চলিক বতৰ বিজ্ঞানৰ সূত্ৰই ইতিমধ্যে ফনিৰ গতিবেগ হ্ৰাস হোৱাৰ লগতে অসমত বৰষুণৰ বাহিৰে আন একো প্ৰভাৱ নপৰে বুলি ঘোষণা কৰাৰ পাছতে জিলাৱাসীয়ে কিছু স্বস্তিৰ নিশ্বাস লোৱা পৰিলক্ষিত হৈছে। 

তৎসত্বেও ওদালগুৰি জিলা প্ৰশাসনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱা বুলি জানিব পৰা গৈছে। নিকতৱৰ্তী জিলাসমূহৰ এনডিআৰএফ, এছডিআৰএফৰ সৈতে সঘনে যোগাযোগ ৰখাৰ লগতে জিলাখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ কণ্ট'ল ৰুমৰ ০৩৭১১-২২৫২৬৬ নম্বৰটো সক্ৰিয় কৰা বুলি বিভাগটোৰপৰা জানিব পৰা গৈছে। 

বতৰ বিজ্ঞান বিভাগৰপৰা লাভ কৰা বুলেটিনসমূহ পুংখানুপুংখভাৱে অধ্যয়ণ কৰিছে জিলা প্ৰশাসনৰ লগতে জিলা দুৰ্যোগ প্ৰশমন বিভাগে। কিন্তু নেৰা নেপেৰা বৰষুণৰ ফলত জিলাখনত চলিত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। সাক্ষ্য দানৰ বাবে দূৰ-দূৰণিৰপৰা অহা লোকসকলো যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। তেনে পৰিস্থিতিত সময় মতে আহি নোপোৱাত সাক্ষ্যৰপৰাই বঞ্চিত হ’ব লগা হয় একাংশ লোক।