♦ কোলাত পানী কেঁচুৱা লৈ গোৰেশ্বৰ থানাত আত্মসমৰ্পন পত্নীৰ
দীপাংকৰ দাস, গোৰেশ্বৰঃ পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ। বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকী এলেকাধীন ৩ নং সুৱাগপুৰত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।
পত্নীয়ে ঘপিয়াই হত্যা কৰে স্বামী দুৰ্লভ কলিতা (২৮)ক। দুৰ্লভ কলিতা পেশাত এজন গাড়ীচালক। দুই সন্তানৰ মাতৃ জোনালী কলিতা (২৬)ই এই ঘটনা সংঘটিত কৰি কোলাত পানীকেঁচুৱা লৈ গোৰেশ্বৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে।
প্ৰাপ্ত তথ্য মতে, ঘটনা সংঘটিত হয় ৩ নং সুৱাগপুৰৰ মুলাবাৰীত। নিশা প্ৰায় ৯ মান বজাত পিতৃ ৰামবদন কুমাৰৰ গৃহত থকা জোনালী কলিতাৰ ঘৰত উপস্থিত হয় নিচাসক্ত স্বামী দুৰ্লভ কলিতা। প্ৰায় ৬ মাহ পূৰ্বৰেপৰা স্বামীৰ অত্যাচাৰৰ বাবে পিতৃগৃহত আশ্ৰয় লৈছিল জোনালী কলিতাই। নিশা স্বামী দুৰ্লভ কলিতাই শহুৰৰ ঘৰত উপস্থিত হৈ এবছৰীয়া পুত্ৰক হত্যাৰ চেষ্টা কৰাৰ লগতে জোনালী কলিতাকো আক্ৰমণ কৰিবলৈ উদ্যত হয়।
উপায়হীন হৈ পত্নী জোনালীয়ে আত্মৰক্ষাৰ বাবে লোহাৰ ৰডেৰে প্ৰথমে মূৰত কোবাই আহত কৰে স্বামী দুৰ্লভক। ইয়াৰ পাছত অৱশেষত দাৰে ডিঙিত ঘপিয়েই হত্যা কৰে নিচাসক্ত নিজ স্বামীক। উল্লেখ্য যে প্ৰায় ৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা দুৰ্লভ আৰু জোনালী জীৱনলৈ আহিছিল দুজনকৈ পুত্ৰ সন্তান।
স্বামী দুৰ্লভে প্ৰায়ে মদ্যপান কৰি পত্নীক অত্যাচাৰ কৰাত জোনালী কলিতাই ইতিমধ্যে শুৱাগপুৰৰ থানাত কেইবাখনো এজাহাৰ দাখিল কৰিছিল ন্যায় বিচাৰি। ইয়াৰ পাছত যোৱা ৬ মাহ ধৰি পিতৃগৃহত আশ্ৰয় ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল জোনালীৰ। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।