তেজপুৰঃ জনজাতি আৰু অন্যান্য বনাঞ্চলবাসী লোকসকলক (বনাঞ্চল অধিকাৰৰ মান্যতা) আইন, ২০০৬ ৰ অধীনত ভূমিপট্টা প্ৰদানৰ দাবীত তেজপুৰত বৃহস্পতিবাৰে বহু কেইটা দল সংগঠনৰ উপস্থিতিৰ তেজপুৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।
সাংবাদিকৰে হোৱা কথা বতৰাত আবচুৰ সভাপতি প্ৰমোদ বড়োৱে বছৰ বছৰ ধৰি বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমিপট্টা প্ৰদানৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা বি টি চি কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই।
বড়োৱে বিষয়টোক লৈ ৰাজনীতি চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। এই একেটা বিষয়তে অসমৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰীৰ ওচৰত আলোচনা কৰি দাবী কৰি অহা হয় যদি কোনো ব্যৱস্থা নকৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি যাব নিব বুলি জানিবলৈ দিয়ে প্ৰমোদ বড়ো।