গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত উজলি উঠা ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগত স-পৰিয়াল বৰ্গলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ তেওঁলোকৰ লগত ভাল ফলাফল দেখুওৱা আনবোৰ ছাত্ৰ-ছাত্ৰীয়েও নিজৰ ধৈৰ্য্য অশেষ কষ্টৰ পৰিণতিৰ ফলাফল আজি সাৰ্থক কৰিবলৈ পাৰিলে৷ 

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৩৬,২০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত উত্তীৰ্ণ হ’ল ২,০২,৫০৮ গৰাকী ছাত্ৰ-ছাত্ৰী। এইবাৰ মুঠ ৩৯৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰপৰা বহিষ্কৃত কৰাৰ লগতে ১০ গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল বিভিন্ন কাৰণত বন্ধ ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ 

২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ উত্তীৰ্ণ হাৰ ৬০.২৩ শতাংশ। তাৰে ছাত্ৰৰ উত্তীৰ্ণ হাৰ ৬২.৬৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৫৭.৯৯ শতাংশ।

বিগত বর্ষ সমূহৰ তুলনাত এইবাৰ উত্তীৰ্ণ হাৰ বৃদ্ধি পাইছে। কাৰণ বিগত দুটা বর্ষত উত্তীৰ্ণ হাৰ আছিল ক্ৰমে ২০১৭ চনত ৪৭.৯৪ শতাংশ আৰু ২০১৮ চনত ৫৭.৯৯ শতাংশ।