জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ টুকটুকীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিনাই এজন ছাত্ৰক দুৰ্বৃত্তই মাৰপিট কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিবৰণী মতে, জাজৰিৰ সমীপৰ বৰচিলাস্থিত কনপাই বৰদলৈ কলেজৰপৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা টুকটুকীৰ নুৰ উদ্দিনৰ পুত্ৰ আশ্বিকুল আলম কালি পৰীক্ষাৰ ফলাফল লৈ দিনৰ প্ৰায় ১২ বজাত জাজৰি-ধিং সংযোগী গড়কাপ্তানী পথৰে ঘৰলৈ আহি থাকোতে টুকটুকীত খাপ পিতি থকা চাৰিজন দুৰ্বৃত্তই বাট আগচি ধৰি মাৰপিট কৰে। 

বুকু, কঁকাল আৰু হাতত বেয়াকৈ আঘাত পোৱা মেধাৱী ছাত্ৰজনক আহত অৱস্থাত উদ্ধাৰ কৰি  স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে ধিং এফআৰইউত ভৰ্তি কৰায়। ঘটনা সংক্ৰান্তত ছাত্ৰজনে ন্যায় বিচাৰি জহিৰুল ইছলাম, বাবলু আৰু আছিকুল আলম নামৰ লোক কেইজনৰ বিৰুদ্ধে আহোম গাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে।

কি কাৰণত ছাত্ৰজনক এনেদৰে দলবদ্ধভাৱে দুৰ্বৃত্তই আক্ৰমণ কৰিলে তাৰ কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও পিছপৰা অঞ্চলটোৰ বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰ আশ্বিকুল আলমক এনেদৰে দিন দুপৰতে মাৰপিট কৰা ঘটনাক বিভিন্ন ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজে ধিক্কাৰ দিয়াৰ লগতে ঘটনাৰ উচিৎ তদন্তৰ জৰিয়তে দোষীক ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰিছে৷