গুৱাহাটীঃ মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কামাখ্যা মন্দিৰ দর্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা আঙুৰলতা ডেকা, ৰাজ্যপাল জগদীশ মুখী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
যোৱা তিনিদিন ধৰি কামাখ্যাৰ মূল দ্বাৰ বন্ধ থকাৰ বাবে পুৱাই বিধায়িকা আৰু মন্ত্ৰী উপস্থিত হয় মন্দিৰত৷
মন্দিৰ দর্শন কৰি বিধায়িকা গৰাকীয়ে কামাখ্যাৰ সাধক বাবা কালিদাসক সান্নিধ্য লাভ কৰে।
কামাখ্যা দেৱীৰ আশীষ বিচাৰি মন্দিৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। ৰাজ্যপাল গৰাকীয়ে কামাখ্যা দেৱীক সেৱা আগবঢ়াই কয় যে মা কামাখ্যাৰ আৰ্শীবাদেৰে দ্ৰুত গতিত অসমৰ বিকাশ হওঁক।
ইফালে, ৰাজ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা দেৱীক সেৱা আগবঢ়াই শীঘ্ৰেই কামাখ্যা মন্দিৰলৈ যোৱা দ্বিতীয়তো বাট সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰে। লগতে অসমৰ ১০০০ টা এশবছৰীয়া পুৰণি আধ্যাত্মিক অনুষ্ঠানলৈ আগন্তক তিনি মাহত মুকলি কৰি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
আনহাতে বিগত বছৰ সমূহৰ দৰে এইবাৰো অসম পৰ্যটন নিগমে অম্বুবাচীৰ সময়ছোৱাত ভক্ত সকলৰ বাবে গ্ৰহণ কৰিছিল বিশেষ ব্যৱস্থা। সেই অনুসৰি আজি ২৬ আৰু ২৭ জুনত ৫০১ টকা মূল্য বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব।
ইয়াৰ উপৰিও সেনাবাহিনী বাবে থকা ৫০ টকাৰ মূল্য টিকটৰ ব্যৱস্থা অহা ৩০ জুনলৈকে বন্ধ থাকিব। এই সময়ছোৱাত সকলো লোকে সাধাৰণ ব্যক্তিৰ দৰে মন্দিৰ দর্শনলৈ যাব লাগিব।
পৰ্যটন বিত্ত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী শান্তিপূৰ্ণভাৱে সমাপ্ত কৰাত সকলো বিভাগৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনায়। লগতে স্কাউড গাইড সদস্য সকলেও শান্তি শৃংখলা বজাই ৰখাৰ পদক্ষেপৰ বাবে ধন্যবাদ জনাই অধ্যক্ষ বৰুৱাই।