ছাইদুল ইছলাম, ডিফুঃ বৃহস্পতিবাৰে ডিফুত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোট সমূহৰ মাজত আনুষ্ঠানিকভাবে তাঁত যন্ত্ৰ আৰু সূতা বিতৰণ কৰা হয়৷
হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক তাপস কুমাৰ দে', পূব কাৰবি আংলং বিজেপিৰ মহিলা মৰ্চাৰ ৰশ্মি টেৰণপী, ৰূপালী তেৰাঙপী আৰু বিজেপিৰ জিলা সম্পাদক মধুৰাম লেকথেৰ উপস্থিতিত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্মসহায়ক গোট সমূহৰ মাজত সামগ্ৰী সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷
ভাষণ প্ৰসংগত কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্মসহায়ক গোটৰ সদস্য আৰু ব্যক্তিগত হিতাধিকাৰী সকলক সামগ্ৰী সমূহ বিতৰণ কৰি তেওঁলোকৰ তাঁতশালৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰি উপকৃত হোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ আনহাতে, উক্ত বিতৰণি অনুষ্ঠানতেই হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয়া মনমোহন দাসে একাধিক্ৰমে, চণ্ডিগড়ত অনুষ্ঠিত প্ৰথম নেছ’নেল মাষ্টাৰ গেমছত শ্বটপুট দলিওৱা, ডেৰাডুনত দ্বিতীয় নেছনেল মাষ্টাৰ্চ গেমছত ডিছকাছ দলিওৱা আৰু ৪০০ মিটাৰ দৌৰত লগতে মালেছিয়াত অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ গেমছত হামাৰ দলিওৱাত সোণৰ পদকৰ লগতে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁকো এটা ট্ৰফী, প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷