মঙলদৈঃ দৰং জিলা স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰী নিৰ্যাতনৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে জিলাখনৰ ছিপাঝাৰৰ এগৰাকী জি এন এম নাৰ্ছে।
অভিযোগ অনুযায়ী চাকৰি বদলিকৰণৰ আবেদন লৈ যোৱা ১১ মে'ত জিলা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ গৈছিল ভূক্তভোগী নাৰ্ছগৰাকী। মঙলদৈ অসামৰিক চিকিৎসালয়ত যুটীয়া স্বাস্থ্য বিষয়াক সাক্ষাৎ কৰি ওলাই আহোতে নাৰ্ছগৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেশ গোস্বামীৰ সৈতে মুখামুখি হয়।
মহকুমা স্বাস্থ্য বিষয়াক কি কাৰণত তালৈ গৈছে সেই বিষয়ে বিৱৰি কোৱাত তেওঁ নাৰ্ছগৰাকীক নিজৰ কোঠালৈ মাতি নিয়ে। কোঠালৈ মাতি নি বদলিকৰণৰ বিষয়ে অলপ-অচৰপ বাৰ্তালাপৰ পিছতে নাৰ্ছগৰাকীক এক আচৰিত প্ৰস্তাৱ আগবঢ়ায় মহকুমা স্বাস্থ্য বিষয়াজনে।
স্বাস্থ্য বিষয়াগৰাকীয়ে নাৰ্ছগৰাকীক কয় যে তেওঁৰ সৈতে এনিশা কটালে বদলিকৰণৰ কাম টিলিকটে হৈ যাব। এই বিষয়ে তৃতীয় আন কোনো লোকক জনালে পৰিস্থিতি বিষম হ'ব বুলিও ভাবুকি প্ৰদান কৰে স্বাস্থ্য বিষয়াজনে।
এনে প্ৰস্তাৱত নাৰ্ছগৰাকী স্বাভাৱিকতে হতভম্ব হৈ পৰে যদিও চাকৰিৰ মোহত কেবাদিনো ধৰি ঘটনাৰ সবিশেষ ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল। অৱশেষত ধৈৰ্য্যৰ বান্ধ ছিঙাত স্বাস্থ্য বিভাগৰ উৰ্ধতম বিষয়াৰ লগতে জিলা উপায়ুক্তক ঘটনাৰ সবিশেষ জনাই লিখিত অভিযোগ দাখিল কৰে ভূক্তভোগী নাৰ্ছগৰাকীয়ে।
ঘটনা সন্দৰ্ভত মঙ্গলদৈ থানাত এজাহাৰো দাখিল কৰে নাৰ্ছগৰাকীয়ে। উক্ত এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে 386/17 নম্বৰত এটি গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত দুবছৰ ধৰি শ্যামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াই আহিছে ভূক্তভোগী নাৰ্ছগৰাকীয়ে।