ডিজিটেল ডেস্কঃ এটি ৭ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এলাহবাদৰ ভিতৰুৱা অঞ্চলৰ গাওঁ এখনত৷ বৃহস্পতিবাৰৰ এই ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তক আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিছে৷
চহৰখনৰ পৰা ৪০ কি.মি. মান দুৰত্বৰ ঘুৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আমৰেহা বুডাউনত এই ঘটনা সংঘটিত হোৱা বুলি জানিবপৰা গৈছে৷ মাকৰ কাষৰপৰা শুই থকা অৱস্থাতে নিৰুদ্দেশ হোৱা শিশুটিক বিচাৰি বৃহস্পতিবাৰে হৈ ছৈ লাগে গাওঁখনত৷
পিছত ওচৰৰে পথাৰ এখনত তেজেৰ লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে গাঁৱৰ একাংশই৷ ধৰ্ষণৰ স্পষ্ট চিন থকা শিশুটিক তাতে ধৰ্ষণকাৰীয়ে পেলাই থৈ যোৱা বুলি আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া সন্দীপ তিৱাৰীয়ে জনাইছে৷
সংকটজনক অৱস্থাত শিশুটিক হস্পিতালত ভৰ্তি কৰোৱা হয়৷ চিকিৎসকে শিশুটিৰ ধৰ্ষণ হোৱা বুলি নিশ্চিত কৰিছে৷ দণ্ডবিধি আইনৰ আধাৰত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷