ডিজিটেল ডেস্কঃ উগ্ৰপন্থীৰ ভয়ংকৰ কূটাঘাতৰ সন্মুখীন হ’ব পাৰে দেশৰ আগশাৰীৰ চহৰসমূহ৷ কেন্দ্ৰীয় চোৰাংচোৱাই প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লী,মুম্বাইত আক্ৰমণৰ পৰিকল্পনা কৰিছে লস্কৰ- ঈ -তৈবাৰ দৰে সংগঠনে৷
আনহাতে পাঞ্জাৱ আৰু ৰাজস্থানৰ চহৰসমুহো লক্ষ্য হ’ব পাৰে আক্ৰমণৰ। তথ্য অনুসৰি আক্ৰণমৰ বাবে ইতিমধ্যে লস্কৰ-ঈ- তৈবাৰ ২০জনীয়া এটা দল প্ৰৱেশ কৰিছে ভাৰতত৷
এই তথ্য প্ৰকাশ হোৱাৰ লগে লগে মহানগৰ দুখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ উগ্ৰপন্থীৰ এই আক্ৰমণ ৰোধ কৰিবলৈ দিল্লী আৰু মুম্বাইত জাৰি কৰা হৈছে ৰেড এলাৰ্ট৷
উল্লেখযোগ্য যে বিগত কেইবছৰৰ পৰা পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বৃদ্ধি হৈছে।
ইয়াৰ মাজতে আজি পুৱাও কাশ্মীৰ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰোতেই সেনাৰ গুলিত নিহত হৈছে ৬ সন্ত্ৰাসবাদী৷