আপুনি বা আপোনাৰ আপোনজনে শ্বপিং কৰি ভাল পায় নেকি? অনলাইনত পছন্দৰ মোবাইলটো, ঘড়ীটো বা ভাল লগা কাপোৰযোৰ কিনিবলৈ বিচাৰি পইচাৰ বাবে থমকি ৰ'বলগীয়া হয় নেকি? যদি হয়, তেন্তে এনে সময়ত আপোনাৰ মনত ক্ৰেডিট কাৰ্ড লোৱাৰ ইচ্ছা হোৱাটো স্বাভাৱিক। আৰু এনে সময়তে যদি আপোনালৈ এটা ফোনকল আহে- নমস্কাৰ মই অমুক বেংকৰ পৰা কৈছোঁ। আপুনি ক্ৰেডিট কাৰ্ড বিচাৰে নেকি....?
হাতত জমা ধন নাথাকিলেও যি মন যায় তাকেই কিনিবলৈ সক্ষম কৰি তোলে এই ক্ৰেডিট কার্ডে। সেয়ে বর্তমান সময়ত বৃদ্ধি পাইছে ক্ৰেডিট কাৰ্ডৰ চাহিদা। চহৰৰ বজাৰখন ইণ্টাৰনেটলৈ স্থানান্তৰিত হোৱাৰ ফলত ক্ৰেডিট কাৰ্ড এতিয়া বজাৰ কৰি ভালপোৱা বহুতৰে বাবে জীৱনৰ এক অংগস্বৰূপ হৈ পৰিছে। কিন্তু নিউটনৰ তৃতীয় গতিসূত্ৰটো যেন এই ক্ৰেডিট কাৰ্ডৰ সৈতেও প্ৰযোজ্য। ক্ৰেডিট কার্ডে ব্যয় যিমান সহজ কৰি তুলিছে তাতকৈ বেছি বিষময় কৰি তুলিছে বহু গ্ৰাহকৰ জীৱন। ক্ৰেডিট কাৰ্ড লৈ সময়মতে বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বহুতে বিল আদায় কৰা এজেন্টৰ দ্বাৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে।
চলিত বছৰৰ জুন মাহত চেন্নাইত ক্ৰেডিট কাৰ্ড বিল ৰিক'ভাৰী এজেণ্টৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছিল নৰেন্দ্ৰন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকে। জুলাইত হায়দৰাবাদত এনে মানসিক হাৰাশাস্তিৰ বাবেই আত্মহত্যা কৰে লংকা মণিকান্ত নামৰ এজন ৩৩ বছৰীয়া ব্যক্তিয়ে।
'বাই নাও, পে’ লেটাৰ’ অফাৰ
এফালে বজাৰত অভাৱনীয় মূল্যবৃদ্ধি আৰু আনফালে সীমিত উপাৰ্জন বা হ্ৰাস পোৱা আয়ে সাধাৰণ জনতাৰ মাজত সৃষ্টি কৰিছে আৰ্থিক অস্থিৰতাৰ। তাৰ মাজতে বিভিন্ন বেংকে আগবঢ়োৱা সহজলভ্য ক্ৰেডিট কাৰ্ড আৰু 'বাই নাও, পে’ লেটাৰ’ৰ দৰে অফাৰে সীমিত উপাৰ্জনৰ সৈতে যুঁজি থকাসকলৰ বাবে ব্যয়ৰ এক নতুন বাট মোকলাই দিছে। খৰছৰ এই ব্যৱস্থাটোৱেই হৈছে ক্ৰেডিট কাৰ্ড।
অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আয়ৰ ওপৰত এই মানসিক চাপ যথেষ্ট চিন্তনীয় বুলি সংশয় ব্যক্ত কৰিছে বহু অৰ্থনীতিবিদে। কিন্তু ক্ৰেডিট কাৰ্ডৰ ঋণৰ এই দ্ৰুত বৃদ্ধিৰ লগে লগে এনে ঋণৰ ডিফল্টাৰৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ আৰু ব্যয় নিয়ন্ত্ৰণ নকৰিলে ভৱিষ্যতে বেংকিং ব্যৱস্থাৰ ওপৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰিব পাৰে বুলি মন্তব্য কৰিছে অৰ্থনীতিবিদসকলে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যৰ এক বিশ্লেষণে এই কথা স্পষ্ট কৰিছে যে ২০২৩ চনৰ জুলাই মাহলৈকে ক্ৰেডিট কাৰ্ডৰ বকেয়া ৰাশি ২.১৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত চলিত বছৰত বকেয়া ৰাশি ৩১.২ শতাংশ বৃদ্ধি পাইছে বুলিও ৰিজাৰ্ভ বেংকৰ তথ্যত পোহৰলৈ আহিছে।
উল্লেখ্য যে, ক্ৰেডিট কাৰ্ডৰ বকেয়া ঋণ বিগত কিছু বছৰত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ২০২০ চনৰ ক’ভিড মহামাৰীৰ সময়ছোৱাত এই বকেয়া ঋণ ৮.৬ শতাংশ আছিল। কিন্তু ইয়াৰ পিছতে ২০২১ আৰু ২০২২ চনত এই ঋণ ক্ৰমে ২৫.১ শতাংশ আৰু ২৭.৮ শতাংশলৈ বৃদ্ধি পায়।
ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, যদিও মুঠ ব্যক্তিগত ঋণৰ ভিতৰত ক্ৰেডিট কাৰ্ডৰ ঋণ এটা সৰু অংশহে, তথাপিও মহামাৰীৰ পিছৰ পৰা এই অংশ বৃদ্ধি পাইছে। অৰ্থাৎ য’ত ২০২০ চনৰ জুলাই মাহত ক্ৰেডিট কাৰ্ড ঋণৰ মুঠ ব্যক্তিগত ঋণৰ ৩.৯ শতাংশ আছিল, ২০২৩ চনৰ মাৰ্চ মাহলৈকে সেই অনুপাত ৪.৮ শতাংশলৈ বৃদ্ধি পাই জুলাই মাহলৈকে তুলনামূলকভাৱে ৪.৫ শতাংশ বৃদ্ধিত থাকে।
সংকুচিত আয়, বৃদ্ধি ব্যয়
ক্ৰেডিট কাৰ্ডৰ ঋণ বৃদ্ধিৰ কাৰণ একেলগে দুটা কাৰক হ’ব পাৰে, এটা হৈছে সীমিত ব্যয় আৰু তাৰ পিছতে বৃদ্ধি পোৱা ব্যয় আৰু আনটো হৈছে বৰ্তমান সময়ত যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সহজলভ্য হৈ পৰা 'বাই নাও, পে লেটাৰ’ ক্ৰেডিট অফাৰ।
ব্যক্তিগত খণ্ডৰ এক্সিছ বেংকৰ মুখ্য অৰ্থনীতিবিদ সৌগতা ভট্টাচাৰ্যই সংবাদ প্ৰতিষ্ঠান 'দ্য প্ৰিণ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ‘'বিগত দুবছৰত অসুৰক্ষিত ক্ৰেডিট কাৰ্ডৰ ঋণ যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অপৰাধ বৃদ্ধিৰো আশংকা আহি পৰে। কিন্তু সেয়া নিৰ্ভৰ কৰিব বাকী থকা ধনৰাশি পৰিয়ালৰ নগদ ধনৰ প্ৰবাহৰ অসুবিধাৰ ফল নে বাই নাও পে অফাৰৰ প্ৰতিক্ৰিয়া তাৰ ওপৰত।”
আৰ বি আইৰ আন এক ডাটাছেট, কনজিউমাৰ কনফিডেন্স ছাৰ্ভেই দেখুৱাইছে যে কেন্দ্ৰীয় বেংকে সমীক্ষা কৰা লোকৰ এক বৃহৎ অংশৰ ৮৫.৩ শতাংশই কয় যে যোৱা বছৰৰ জুলাই মাহৰ তুলনাত এতিয়া (২০২৩ চনৰ জুলাই মাহলৈকে) অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত তেওঁলোকৰ ব্যয় অধিক বৃদ্ধি পাইছে।
একে সময়তে ২৬.৬ শতাংশই কয় যে অপ্ৰয়োজনীয় সামগ্ৰীৰ বাবেও তেওঁলোকৰ ব্যয় বৃদ্ধি পাইছে, আনহাতে ৩৭ শতাংশই কয় যে সকলো যোৱা বছৰৰ দৰেই আছে। সৰ্বমুঠ হিচাপত সমীক্ষাত ভাগ লোৱা প্ৰায় ৬৩ শতাংশই বিগত বছৰৰ তুলনাত এইবছৰ তেওঁলোকৰ অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি পোৱা বুলি মন্তব্য কৰে।
একে সময়তে একেটা সমীক্ষাতে দেখা গৈছে যে জুলাই মাহত ৫০ শতাংশ লোকে কয় যে তেওঁলোকৰ আয় যোৱা বছৰৰ দৰেই আছে, আৰু প্ৰায় ২৫ শতাংশই কয় যে তেওঁলোকৰ আয় হ্ৰাস পাইছে। অৰ্থাৎ প্ৰায় এক চতুৰ্থাংশ লোকেহে আয় বৃদ্ধিৰ কথা জনাইছে। এনে সমীক্ষালৈ চালে আয় স্থবিৰ বা হ্ৰাস আৰু ব্যয় বৃদ্ধি ক্ৰেডিট কাৰ্ডৰ ব্যয় বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে বুলি মন্তব্য কৰিছে বহু অৰ্থনীতি বিশেষজ্ঞই।
ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাৰ মুখ্য অৰ্থনীতিবিদ মদন ছাবনাভিছে 'দ্য প্ৰিণ্ট’ক কয়, “অসুৰক্ষিত ঋণৰ পৰিমাণ বৃদ্ধি পোৱাতো যথেষ্ট উদ্বেগজনক। সাধাৰণতে ক্ৰেডিট চেকৰ পিছতহে ক্ৰেডিট কাৰ্ড দিয়া হয়। তাৰ পিছতো ক্ৰেডিট কাৰ্ডৰ ঋণৰ বৃদ্ধি এক উদ্বেগজনক বিষয় হৈ উঠিব পাৰে।”
ছাবনাভিছে লগতে কয়, “এতিয়া ক্ৰেডিট কাৰ্ড পোৱাটো বহুত সহজ হৈ পৰিছে, আৰু বাই নাও পে’ লেটাৰ অফাৰৰ উত্থানৰ লগে লগে দেখা গৈছে যে মানুহে নিজৰ আয়ৰ লগত খাপ খাব নোৱাৰিলেও খৰচৰ কৰিবলৈ এৰা নাই।”
আৰ বি আইৰ তথ্য অনুসৰি, ২০২৩ চনৰ জুলাই মাহৰ শেষলৈকে দেশত ৮.৯৮ কোটি সক্ৰিয় ক্ৰেডিট কাৰ্ড আছিল, যিটো যোৱা বছৰৰ জুলাই মাহৰ তুলনাত প্ৰায় ১ কোটি বা ১২ শতাংশ বেছি। ২০২০ চনৰ জুলাই মাহত দেশত সক্ৰিয় ক্ৰেডিট কাৰ্ড আছিল মাত্ৰ ৫.৭ কোটি।
সকলো ক্ৰেডিট কাৰ্ডৰ ঋণ বেয়া নহয়
ক্ৰেডিট ৰেটিং এজেন্সী ইণ্ডিয়া ৰেটিংছৰ মুখ্য অৰ্থনীতিবিদ ডি কে পণ্টে ব্যাখ্যা কৰে যে সকলো ক্ৰেডিট কাৰ্ডৰ ঋণ বেয়া নহয়। ক্ৰেডিট কাৰ্ড বেয়া বুলি কোৱাৰ কাৰণ ইয়াক ‘অসুৰক্ষিত’ ঋণ হিচাপে শ্ৰেণীভুক্ত কৰা হয়। এনেয়ে চালে ক্ৰেডিট কাৰ্ড ঋণক অসুৰক্ষিত ঋণ যেন লাগিব পাৰে কাৰণ ইয়াৰ লগত সাধাৰণ নিৰাপদ ঋণৰ দৰে জামিন সংলগ্ন নাথাকে, কিন্তু বেংকসমূহেও সকলোকে ক্ৰেডিট কাৰ্ড নিদিয়ে।”
তেওঁ লগতে কয়, “তেওঁলোকে সেইসকল লোকক কাৰ্ড প্ৰদান কৰে যাৰ ক্ৰেডিট স্ক’ৰ বেছি আৰু যিসকলৰ আয়ৰ সুৰক্ষিত উৎস আছে। আয়ৰ উৎসৰ ওপৰত ভিত্তি কৰি ক্ৰেডিট সীমাও নিৰ্ধাৰণ কৰা হয়।”
পণ্টে বুজাই দিয়ে যে মানুহৰ খৰচৰ আচৰণ বিশ্লেষণ কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ কয়, “ক্ৰেডিট কাৰ্ডে মূলতঃ গ্ৰাহকক ৪৫ দিনৰ সুতমুক্ত ঋণ প্ৰদান কৰে, গতিকে মানুহে হাতত ধন থাকিলেও প্ৰায়ে সেই সুবিধা ব্যৱহাৰ কৰে। গ্ৰাহকেও ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি মাহৰ শেষৰ দিন কেইটাত ইচ্ছানুযায়ী ব্যয় কৰিবলৈ সক্ষম হয়। পিছত দৰমহা লাভ কৰাৰ লগে লগে তেওঁলোকে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰে।” পণ্টে আৰু কয়, “ক্ৰেডিট কাৰ্ডৰ ঋণৰ বৃদ্ধি চিন্তাৰ বিষয় হ’ব যদিহে ক্ৰেডিট কাৰ্ডৰ ডিলিংকুৱেন্সি বা সময়মতে ধন পৰিশোধ নকৰাৰ পৰিমাণ বৃদ্ধি পাবলৈ আৰম্ভ কৰে।”
ক্ৰেডিট কাৰ্ডজনিত অপৰাধ বৃদ্ধি
জুলাই মাহত ছানডে’ এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি আৰ বি আইৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২০২২-২৩ চনত ক্ৰেডিট কাৰ্ডৰ অপৰাধৰ সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত ৩০.৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। এই সময়ছোৱাত মুঠ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰায় ৩০.৯ শতাংশ বৃদ্ধি পাইছে, অৰ্থাৎ ডিফল্ট ঋণৰ দৰেই দ্ৰুতগতিত বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে ক্ৰেডিট কাৰ্ডৰ ডিফল্ট মুঠ ক্ৰেডিট কাৰ্ডৰ ঋণৰ প্ৰায় ২ শতাংশহে। গতিকে ই এতিয়াও বেংকিং খণ্ডৰ বাবে কোনো ব্যৱস্থাগত বিপদৰ সৃষ্টি কৰা নাই। কিন্তু আৰবিআইয়ে অসুৰক্ষিত ঋণৰ বৃদ্ধিৰ কথা লক্ষ্য কৰিছে, যাৰ এটা অংশ ক্ৰেডিট কাৰ্ড আৰু বেংকসমূহক অসুৰক্ষিত ঋণ দিয়াত কৰ্তন কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে।
দৰাচলতে আৰ বি আইয়ে ২০২৩ চনৰ এপ্ৰিল মাহৰ মাহেকীয়া বুলেটিনত আঙুলিয়াই দিছিল যে “ক্ৰেডিট কাৰ্ড আৰু এডুকেশ্যন লোনৰ বাহিৰে আন সকলো ঋণৰ ক্ষেত্ৰতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কিস্তি পৰিশোধ নকৰাৰ হাৰ হ্ৰাস পাইছে।” সেয়ে একাংশ অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে যে ক্ৰেডিট কাৰ্ডে অধিকাংশ লোকৰেই আঠুৱা চাই ঠেং মেলাৰ অভ্যাস একপ্ৰকাৰ নাইকিয়া কৰি তুলিছে।