অৱশেষত লোকসভাত উত্থাপন হ’ল মহিলা সংৰক্ষণ বিধেয়ক। ৫ দিনীয়া বিশেষ অধিৱেশনৰ নতুন সংসদ ভৱনত আৰম্ভ হোৱা কাৰ্যক্ৰমণিকাৰ প্ৰথম দিনটোতেই 'নাৰী শক্তি বন্দন বিধেয়ক’ৰ বাবে সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপন কৰা হয়। ইয়াৰ লগে লগে নতুন সংসদ ভৱনত উত্থাপিত হোৱা প্ৰথমখন বিধেয়ক হিচাপে পৰিগণিত হয় এই বিধেয়কখন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধেয়কখন উত্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয়, 'মহিলাৰ সংৰক্ষণক লৈ সংসদত ইয়াৰ পূৰ্বেও একাধিকবাৰ প্ৰয়াস কৰা হৈছিল। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে এই বিধেয়কখন উত্থাপিত হৈছিল। বাজপেয়ীৰ কাৰ্যকালতো কেবাবাৰো মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হয়। কিন্তু সেয়া গৃহীত কৰিবলৈ প্ৰয়োজনী সংখ্য নথকাত উক্ত সপোন সপোন হৈয়েই ৰয়। হয়তো মহিলাক অধিকাৰ প্ৰদান কৰাৰ দৰে পৱিত্ৰ কাম কৰিবলৈ ঈশ্বৰে মোকেই নিৰ্বাচিত কৰিছে।’
'আকৌ এবাৰ আমাৰ চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ হাতত লৈছে। কালি কেবিনেট বৈঠকত মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনোৱা হৈছিল। ১৯ ছেপ্টেম্বৰ তাৰিখটো এইবাবেই ইতিহাসত অমৰত্ব প্ৰাপ্তিৰ দিশে আগবাঢ়িছে। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অংশগ্ৰহণ অধিক হৈ পৰাতো অতিশয় প্ৰয়োজনীয়। নাৰীশক্তিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াওক। আজি নতুন সংসদ ভৱনৰ প্ৰথম কাৰ্য হিচাপে দেশে নতুন পৰিৱৰ্তনৰ আহ্বান কৰিছে।’-মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, 'আমাৰ চৰকাৰে সংবিধান সংশোধনী বিধেয়ক প্ৰস্তুত কৰিছে। ইয়াৰ লক্ষ্য হৈছে লোকসভা আৰু বিধানসভাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি। আমি নাৰী শক্তি বন্দন অধিনিয়ম উত্থাপন কৰিব লৈছো। এয়া কেৱল নাৰী শক্তিৰ বিকাশৰ কথাই নহয়। আমি মানৱ জাতিৰ বিকাশৰ যাত্ৰাত নতুন দিশ পাবলৈ হ’লে, দেশে বিকাশৰ পথত নতু মাত্ৰা পাবলৈ হ’লে নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ বিকাশ সুনিশ্চিত কৰাতো আৱশ্যাকীয়। মহিলা সবলীকৰণ বিষয়ক আমাৰ প্ৰতিখন আঁচনিয়ে মহিলাসকলক নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। গণতন্ত্ৰত ৰাজনীতি, নীতি আৰু শক্তিৰ ব্যৱহাৰৰ জৰিয়তেহে সমাজত উল্লেখনীয় পৰিৱৰ্তন আনিব পৰা যায়।’
উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ ৫ দিনীয়া বিশেষ অধিৱেশন। সংসদৰ পুৰণি ভৱনত আৰম্ভ হোৱা অন্তিম কাৰ্যসূচী এই অধিৱেশনৰ প্ৰথম দিনটোৰ পিছত সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আনুযায়ী মহিলা সংৰক্ষণ বিধেয়কত এই কেবিনেট বৈঠকে অনুমোদন জনাইছিল। বিধেয়কখন সন্দৰ্ভত সোমবাৰে লোকসভাতো বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি সংসদ ভৱনত দিয়া নিজৰ অন্তিম ভাষণত কয় যে সদনত এতিয়ালৈকে ৭৫০০ৰো অধিক জনপ্ৰতিনিধিয়ে কাম কৰিছে, পিছে মহিলা প্ৰতিনিধিৰ সংখ্যা হৈছে মাত্ৰ ৬০০ গৰাকী। তেওঁ আৰু কয় যে মহিলাৰ অংশগ্ৰহণে সদনৰ গৰিমা বৃদ্ধি কৰাত সহায় কৰিছে। ইয়াৰ পিছত বিৰোধী নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে যোৱা ৭৫ বছৰত কংগ্ৰেছ চৰকাৰে কৰা কাম-কাজৰ থুলমূল বিৱৰণ দাঙি ধৰে। সেই সময়তে ছোনিয়া গান্ধীয়ে তেওঁক মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰসংগও মনত পেলাই দিয়ে।
মহিলা সংৰক্ষণ বিধেয়কনো কি?
মহিলা সংৰক্ষণ বিল ১৯৯৬ চনৰে পৰা আধৰুৱা হৈ পৰি ৰৈছে। সেই সময়ৰ এইছডি দেৱেগৌড়া চৰকাৰে ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰত এই বিধেয়কখন সংসদত উত্থাপন কৰিছিল। কিন্তু বিধেয়কখন গৃহীত নহ’ল। এই বিধেয়কখন ৮১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক হিচাপে সংসদত উত্থাপন কৰা হৈছিল।
বিধেয়কখনত সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ দাঙি ধৰা হৈছিল। এই ৩৩ শতাংশ সংৰক্ষণৰ ভিতৰত অনুসূচিত জাতি (এছচি), অনুসূচিত জনজাতি (এছটি)ৰ বাবে উপ-সংৰক্ষণৰো ব্যৱস্থা আছিল। অৱশ্যে অন্যান্য পিছপৰা সম্প্ৰদায় বা অ’বিচিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নাছিল।
এই বিধেয়কখনত এই প্ৰস্তাৱো আছিল যে প্ৰতিটো লোকসভা নিৰ্বাচনতে সংৰক্ষিত আসন নিৰ্ধাৰণ আৱৰ্তিত প্ৰক্ৰিয়াৰে কৰা হ’ব। সংৰক্ষিত আসন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ নিৰ্বাচনসমূহতো একেই আৱৰ্তিত প্ৰক্ৰিয়াৰে সমষ্টি আৱণ্টনৰ কথাও বিধেয়কখনত উল্লেখ আছিল। এই সংশোধনী বিধেয়কখন আইনত পৰিণত হৈ বলৱৎ হোৱাৰ ১৫ বছৰ পিছত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাৰ বিলুপ্ত হৈ পৰিব। ইয়াৰ ম্যাদ বৃদ্ধি কৰিবলৈ হ'লে সংসদে পুনৰ অনুমোদন জনাব লাগিব।
মঙলবাৰে লোকসভাত উত্থাপন কৰা বিধেয়কখন পূৰ্বৰ দৰেই প্ৰায় অপৰিৱৰ্তিত আছে যদিও ইয়াৰ নাম সলনি কৰা হয়। পূৰ্বতে বিধেয়কখন মহিলা সংৰক্ষণ বিধেয়ক হিচাপে পৰিচিত আছিল। এইবাৰ মোদী চৰকাৰে ইয়াৰ নাম 'নাৰী শক্তি বন্দন বিধেয়ক' ৰাখিছে।
মহিলা সংৰক্ষণ বিধেয়কক লৈ ৰাজনীতি
অটল বিহাৰী বাজপেয়ী চৰকাৰে ১৯৯৮ চনত লোকসভাত পুনৰ এই বিধেয়কখন উত্থাপন কৰে। কিন্তু কেবাটাও সহযোগী দলৰ সমৰ্থনত চলা বাজপেয়ী চৰকাৰে সহযোগী দলৰ পৰাই এই লৈ বিৰোধিতাৰ সন্মুখীন হয়। ফলত বিধেয়কখন গৃহীত নোহোৱাকৈয়ে ৰয়। বাজপেয়ী চৰকাৰে ১৯৯৯, ২০০২ আৰু ২০০৩-২০০৪তো বিধেয়কখন পুনৰ গৃহীত কৰাবলৈ চেষ্টা কৰে যদিও সফলতাৰ মুখ নেদেখিলে।
২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ ক্ষমতালৈ আহে আৰু প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় ড০ মনমোহন সিং। ২০১০ চনত ইউপিএ চৰকাৰে এই বিধেয়কখন ১০৮ সংখ্যক সংবিধান সংশোধনী বিধেয়ক হিচাপে ৰাজ্যসভাত উত্থাপন কৰে। ৰাজ্যসভাত এই বিধেয়কখন ২০১০ চনৰ ৯ মাৰ্চত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। শাসনাধিষ্ঠিত কংগ্ৰেছৰ লগতে বাঁও দল, বিজেপি আৰু জেডিইউ দলেও এই বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায়।
কিন্তু ইউপিএ চৰকাৰে বিধেয়কখন লোকসভাত উত্থাপন নকৰিলে। কিয়নো বিধেয়কখনৰ বিৰোধিতা কৰা সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় জনতা দল ইউপিএ চৰকাৰৰ অংশীদাৰ আছিল। কংগ্ৰেছৰ ভয় হৈছিল যে বিধেয়কখন লোকসভাত উত্থাপন কৰিলে চৰকাৰৰ প্ৰতি দল দুটাই সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদ আহি পৰিব পাৰে।
২০০৮ চনত এই বিধেয়কখন আইন আৰু ন্যায় সম্বন্ধীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। এই সমিতিৰ দুগৰাকী সদস্য বীৰেন্দ্ৰ ভাটিয়া আৰু শৈলেন্দ্ৰ কুমাৰ সমাজবাদী পাৰ্টীৰ আছিল। এই সদস্য দুগৰাকীয়ে মন্তব্য কৰিছিল যে তেওঁলোক মহিলাৰ সংৰক্ষণৰ বিৰোধী নহয় যদিও বিধেয়কখন যিধৰণে প্ৰস্তুত কৰা হৈছে তাক লৈ সহমত নহয়। সদস্য দুগৰাকীয়ে প্ৰতিটো ৰাজনৈতিক দলেই ২০ শতাংশ আসন মহিলাক দিয়া উচিত আৰু এই সংৰক্ষণ ২০ শতাংশতকৈ অধিক হ’ব নালাগে বুলি মন্তব্য কৰিছিল।
২০১৪ চনত লোকসভা ভংগ হোৱাৰ পিছত বিধেয়কখনৰো অন্ত পৰে। কিন্তু ৰাজ্যসভা স্থায়ী সদন হোৱা বাবে বিধেয়কখনৰ অস্তিত্ব এতিয়াও ৰাজ্যসভাত অৰ্থপূৰ্ণ হৈ আছে। এতিয়া বিধেয়কখন কেৱল লোকসভাত উত্থাপন কৰিব লাগিব। যদিহে লোকসভাত বিধেয়কখন গৃহীত হয় তেন্তে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতে এয়া আইনত পৰিণত হৈ পৰিব। অৱশ্যে আজি বিধেয়কখন উত্থাপন কৰাৰ পিছতে চৰকাৰে পূৰ্বৰ বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'লেও তাৰ ম্যাদ উকলা বুলি কোৱাক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে।
আইনত পৰিণত হোৱাৰ লগে লগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মহিলাসকলে ৩৩ শতাংশ আসন লাভ কৰিব। ফলত পৰৱৰ্তী লোকসভালৈ নিৰ্বাচিত হৈ অহা সদস্যসকলৰ প্ৰতি তৃতীয় সদস্য মহিলা হৈ পৰিব।
২০২৪ নে ২০২৯? মহিলা সংৰক্ষণক লৈ কংগ্ৰেছ-বিজেপি এক...
২০১৪ চনত শাসনলৈ অহা বিজেপি চৰকাৰে প্ৰথমটো কাৰ্যকালত সদনত ওলমি থকা এই বিধেয়কখনলৈ বিশেষ গুৰুত্ব দিয়া নাছিল। অৱশেষত দ্বিতীয়টো কাৰ্যকালত এই বিধেয়কখনক লৈ তৎপৰ হৈ পৰিছে বিজেপি।
অৱশ্যে ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। এই বিষয়টোত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও সম্পূৰ্ণ সমৰ্থন দি আহিছে। কংগ্ৰেছ চৰকাৰৰ দিনতেই ৰাজ্যসভাত গৃহীত হৈ থকা বিধেয়কখন সন্দৰ্ভত ২০১৭ চনত দলটোৰ সংসদীয় নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীক বিধেয়কখন উত্থাপন কৰিলে কংগ্ৰেছে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰি পত্ৰ প্ৰেৰণ কৰিছিল।
একেদৰে ২০১৮ চনৰ ১৬ জুলাইত কংগ্ৰেছৰ অধ্যক্ষৰ দায়িত্ব লৈয়েই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰতো কংগ্ৰেছে মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে।
বিজেপি চৰকাৰে ৫ দিনীয়া বিশেষ অধিৱেশন আহ্বান কৰাৰ পিছতে কংগ্ৰেছে পুনৰ বিষয়টো উত্থাপন কৰিছিল। সংবাদমেলযোগে কংগ্ৰেছ দলে বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত উত্থাপন কৰিবলৈ বিজেপিক আহ্বান জনাইছিল। কংগ্ৰেছে কৈছিল যে সম্পূৰ্ণ একক সংখ্যগৰিষ্ঠতা থকাৰ পিছতো আৰু নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰাৰ পিছতো প্ৰধানমন্ত্ৰী মোদীয়ে এই বিধেয়কখন গৃহীত কৰিবলৈ ইমান বছৰে এবাৰো চেষ্টা চলোৱা নাই।
বিশেষ অধিৱেশনৰ পূৰ্বে চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল। এই বৈঠকতো কংগ্ৰেছ, বিজু জনতা দল, ভাৰত ৰাষ্ট্ৰ সমিতিসহ আন কেবাটাও দলে মহিলা সংৰক্ষণ বিধেয়ক সংসদত উত্থাপন কৰিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰিছিল। এনেক্ষেত্ৰত আজি উত্থাপন হোৱা নাৰী শক্তি বন্দন বিধেয়ক শাসক-বিৰোধী উভয় পক্ষৰ সমৰ্থনত দুয়োখন সদনতে সৰ্বসন্মতভাৱে গৃহীত হোৱাৰ সম্ভাৱনাই অধিক।
দেশৰ আগশাৰীৰৰ ইংৰাজী দৈনিক টাইমছ অব ইণ্ডিয়াত মঙলবাৰে প্ৰকাশিত এক বাতৰি অনুযায়ী বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হ'লেও ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰযোজ্য হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। ইয়াৰ পৰিৱৰ্তে বিধেয়ক উভয় সদনত গৃহীত হৈ আইনত পৰিণত হ'লে ২০২৯ৰ নিৰ্বাচনতহে মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও চৰকাৰৰ ভিতৰুৱা সূত্ৰৰ উধৃতিৰে বাতৰিটোত দাবী কৰা হৈছে।
উল্লেখ্য যে সম্প্ৰতি লোকসভাত ৮২ গৰাকী আৰু ৰাজ্যসভাত ৩১গৰাকী মহিলা সদস্য আছে। অৰ্থাৎ লোকসভাত মহিলাৰ অংশগ্ৰহণ ১৫ শতাংশ আৰু ৰাজ্যসভাত ১৩ শতাংশ আছে।
মহিলা সংৰক্ষণ বিধেয়কৰ টাইমলাইন
ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাত ১৯৭৫ চনত 'টুৱাৰ্ডছ ইকুৱেলিটি’ শীৰ্ষক এখন প্ৰতিবেদন প্ৰকাশ পাইছিল। এই প্ৰতিবেদনত বিভিন্ন ক্ষেত্ৰত মহিলাৰ স্থিতিৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছিল।
এই প্ৰতিবেদনতে মহিলাৰ বাবে আসন সংৰক্ষণৰ কথাও কোৱা হৈছিল। এই প্ৰতিবেদন যুগুত কৰা সমিতিৰ সদস্যসকলৰ অধিকাংশই মহিলাৰ বাবে সংৰক্ষণ কৰা ব্যৱস্থাৰ বিৰোধী আছিল। আনহাতে, মহিলা সদস্যসকলে বিচাৰিছিল যে মহিলাই সংৰক্ষণ ব্যৱস্থাৰে নহয়, নিজৰ শক্তিৰে ৰাজনীতিত প্ৰৱেশ কৰা উচিত।
ৰজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সময়ত ১৯৮০ৰ দশকত পঞ্চায়ত আৰু স্থানীয় নিকায় নিৰ্বাচনত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু অধিকাংশ ৰাজ্যৰ বিধানসভাই ইয়াৰ বিৰোধিতা কৰিছিল।
অৱশেষত প্ৰথমবাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়ক সদনত উত্থাপন কৰিছিল এইছডি দেৱেগৌড়া চৰকাৰে। ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰত দেৱেগৌড়া চৰকাৰে ৮১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক হিচাপে এই বিধেয়কখন সদনত উত্থাপন কৰিছিল। ইয়াৰ পিছতে দেৱেগৌড়া চৰকাৰে সদনত আস্থা হেৰুৱাবলগীয়াত পৰে। দেৱেগৌড়া চৰকাৰক সমৰ্থন জনাই অহা মুলায়েম সিং আৰু লালু প্ৰসাদে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল।
১৯৯৭ চনৰ জুনত পুনৰ বিধেয়কখন সদনত উত্থাপন কৰা হয়। সেই সময়ত শৰদ যাদৱে এই বিধেয়কৰ বিৰোধিতা কৰিছিল আৰু কৈছিল, 'আন মহিলাসকলে আমাৰ মহিলাসকলৰ কথা কি বুজিব আৰু কি ভাবিব?’
১৯৯৮ চনত দ্বাদশ লোকসভাত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত এনডিএ চৰকাৰ শাসনলৈ আহে। বাজপেয়ী চৰকাৰৰ আইন মন্ত্ৰী এন থম্বিদুৰািয়ে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰে যদিও সেয়া গৃহীত নহ’ল। এনডিএ চৰকাৰে ত্ৰয়োদশ লোকসভাত ১৯৯৯ চনত দ্বিতীয়বাৰৰ বাবে বিধেয়কখন উত্থাপন কৰে আৰু পুনৰ বিফল হ’বলগীয়া হয়।
বাজপেয়ী চৰকাৰে ২০০৩ চনতো আকৌ এবাৰ বিধেয়কখন উত্থাপনৰ চেষ্টা চলায়। কিন্তু প্ৰশ্নকালতে এই লৈ তীব্ৰ বাক-বিতণ্ডা হোৱাত বিলখন গৃহীত নহ’ল। এনডিএ চৰকাৰৰ পিছত শাসনলৈ অহা ইউপিএ চৰকাৰে ২০১০ চনত মহিলা সংৰক্ষণ বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰে। কিন্তু সমাজবাদী আৰু ৰাষ্ট্ৰীয় জনতা দলে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছত ভোটদান স্থগিত কৰা হয়। পৰৱৰ্তী সময়ত উক্ত বৰ্ষৰ ৯ মাৰ্চত ৰাজ্যসভাত বৃহৎ ব্যৱধানত বিধেয়কখন গৃহীত হয়।
ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাত ছোনিয়া গান্ধীৰ ভূমিকা
মনমোহন সিং চৰকাৰে মহিলা সংৰক্ষণ বিধেয়কখন উত্থাপন কৰিবলৈ যো-জা চলোৱাত বাঁও দলৰ লগতে বিৰোধী বিজেপি দলেও সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় জনতা দলে লোকসভাত বিধেয়কখন উত্থাপন কৰিলে ইউপিএ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰাত সমস্যাৰ সন্মুখীন হয় কংগ্ৰেছ দল তথা তদানীন্তন ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধী।
ইয়াৰ পিছতে ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বিধেয়কখন ৰাজ্যসভাত যিকোনো প্ৰকাৰে গৃহীত কৰিবলৈ উঠি-পৰি লাগে। ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰোৱাৰ উদ্দেশ্য এয়াই আছিল যে যদিহে ৰাজ্যসভাত বিধেয়কখন গৃহীত হয় তেন্তে ইয়াৰ ম্যাদ পৰৱৰ্তী সময়তো থাকি যাব। ২০১০ চনৰ ৯ মাৰ্চত ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ দিনা মাৰ্শ্বালৰ সহায়য় ল’বলগীয়া হয়। মাৰ্শ্বালৰ সহায় লোৱাত পৰিস্থিতি যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণলৈ আহে। অৱশেষত সেইদিনা ৰাজ্যসভাত বৃহৎ ভোটৰ ব্যৱধানত বিধেয়কখন গৃহীত হয়।
ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে ততাতৈয়াকৈ লোকসভালৈকো বিধেয়কখন লৈ যোৱা হয়। চৰকাৰে আশা কৰিছিল যে ৰাজ্যসভাত যিদৰে বিধেয়কখন গৃহীত কৰা হৈছে ঠিক তেনেকৈ লোকসভাতো গৃহীত কৰিব পৰা যাব। কিন্তু বিধেয়কখনলৈ সমৰ্থন জনোৱাৰ কথা কোৱা বিজেপিৰ ভিতৰতেই এই লৈ বিবাদ আৰম্ভ হয়।
বিজেপিৰ গোপীনাথ মুণ্ডেৰ দৰে প্ৰভাৱশালী অ’বিচি নেতাসকলে লালকৃষ্ণ আদৱানি আৰু সুষমা স্বৰাজক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো কাৰণতে এই বিধেয়কক লৈ দলৰ হুইপ নামানে। এনেদৰে চৰকাৰৰ সহযোগী দল সমাজবাদী পাৰ্টী আৰু আৰজেডিৰ লগতে বিৰোধী বিজেপিতো বিভেদ সৃষ্টি হোৱাত বিধেয়কখন লোকসভাত উত্থাপন কৰাতো কংগ্ৰেছৰ পক্ষে অসম্ভৱ হৈ পৰাত আজিলৈকে সদনত ওলমি ৰ’বলগীয়া হয়।
ইফালে, মঙলবাৰে সংসদ ভৱনত প্ৰৱেশৰ সময়ত কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধীক সাংবাদিকে এই বিধেয়কখন উত্থাপনক লৈ চলি থকা চৰ্চা সন্দৰ্ভত কি ক'ব বুলি প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত ছোনিয়া গান্ধীয়ে কয়, 'এইখন আমাৰ বিধেয়ক, আমাৰ বাবেই এই বিধেয়ক।'
কেন্দ্ৰীয় মন্ত্ৰীৰ টুইট ডিলিট
সদনৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনটোৰ পিছতে সন্ধিয়া মোদী কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে সিদ্ধান্ত চূড়ান্ত কৰা হৈছে বুলি চৰ্চা অব্যাহত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী মোদী কেবিনেটে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। অৱশ্যে ৯০ মিনিট দীঘলীয়া বৈঠকখন সন্দৰ্ভত এই বাতৰি যুগুতোৱা পৰ্যন্ত সবিশেষ জানিব পৰা হোৱা নাই।
বৈঠকৰ পিছতে কেন্দ্ৰী ৰাজ্য মন্ত্ৰী প্ৰহ্লা সিং পেটেলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটি পোষ্ট কৰে। উক্ত পোষ্টটোত কেবিনেটে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনত অনুমোদন জনোৱাৰ কথা সদৰী কৰে। এক্সৰ পোষ্টটোত তেওঁ লিখিছিল, 'মহিলা সংৰক্ষণৰ দাবী পূৰম কৰাৰ নৈতিক সাহস মোদী চৰকাৰৰ আছে। কেবিনেটত অনুমোদনে সেয়া প্ৰমাণিত কৰিলে। অভিনন্দন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অভিনন্দন মোদী চৰকাৰ।’
কিন্তু কিছু সময় পিছতে মন্ত্ৰীগৰাকীয়ে উক্ত পোষ্টটো ডিলিট কৰি দিয়ে। এই পৰ্যন্ত মন্ত্ৰীগৰাকীয়ে পোষ্টটো ডিলিট কৰাৰ কাৰণ সম্পৰ্কে কোনো উল্লেখ কৰা নাই। উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে সংসদৰ বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ দাবী জনাইছিল। তেতিয়া সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে 'উচিত সময়ত উচিত সিদ্ধান্ত’ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছিল।