গুৱাহাটীঃ অসম লোকসেৱা আয়োগ(এ পি এছ চি)ৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত বহু কোটিটকীয়া নিযুক্তি কেলেংকাৰিৰ তদন্তই গতি লৈছে যদিও তদন্তত এক প্ৰভাৱশালী পক্ষৰ হেঁচা পৰাৰ অভিযোগ উঠিছে।এক সূত্ৰৰ মতে, এই প্রভাৱশালী পক্ষই কেলেংকাৰিটোৰ ডিব্ৰুগড় আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে।
ফলত কিছু সময়ত তদন্তকাৰী আৰক্ষী কেলেংকাৰিটোৰ পৰা উপকৃত একাংশৰ কাষ চাপিবলৈ সক্ষম হোৱা নাই। এই সকলৰ মাজত ২০১৫ আৰু ২০১৬ত এ পি এছ চিয়ে নিযুক্তি দিয়া একাংশ এ চি এছ আৰু এ পি এছ বিষয়াও আছে।
অৱশ্যে এনে অৱস্থাতে কালি তদন্তকাৰী আৰক্ষীয়ে চমন জাৰি কৰি আনি ২৫গৰাকী এ চি এছ, এ পি এছ আৰু সংলগ্ন সেৱাৰ বিষয়াক জেৰা কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ থানাত কৰা জেৰাৰ সময়ত এই ২৫গৰাকী এ চি এছ, এ পি এছ আৰু সংলগ্ন সেৱাৰ বিষয়াক টোকা লিখিবলৈ দিয়া হয়। এই টোকা তদন্তকাৰীয়ে ফৰেণচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব।
ফৰেণচিক পৰীক্ষাত বিসংগতি ধৰা পৰিলে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাতো নিশ্চিত। তৎসত্বেও কেলেংকাৰিটোৰ তদন্তই সঠিক দিশত আগুৱাৱ পৰা নাই বুলি অভিযোগ উঠিছে।এনে এক অভিযোগ অলপতে এখন সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়েও উত্থাপন কৰে।
লক্ষ্যণীয় যে এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ পালৰ ভ্ৰাতৃ ৰাজীৱ পালসহ একাংশ বৰ্তমানেও পলাতক অৱস্থাত আছে।ইয়াৰ বিপৰীতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান(ডি জি পি) মুকেশ সাহাইৰ মতে, সম্প্ৰতি কেলেংকাৰিটোৰ তদন্তই চতুৰ্থ পৰ্যায় লাভ কৰিছে।
আনহাতে, তদন্তকাৰী আৰক্ষীৰ সূত্ৰমতে, ধনৰ বিনিময়ত এ পি এছ চিৰ চাকৰি লোৱাসকলৰ প্ৰায় প্ৰতিজনেই অত্যন্ত প্ৰভাৱশালী আৰু ধনবলৰ গৰাকী। গতিকে তেওঁলোকক আদালতৰ মজিয়াত দোষী সাব্যস্ত কৰিবলৈ তদন্তকাৰীয়ে নিখুঁত তথ্য-প্ৰমাণ সংগ্ৰহত গুৰুত্ব দিছে।