কাজলগাঁওঃ হাগ্ৰামাৰ বিটিএডিত হাগ্ৰামাৰ কথা চলিব৷ বিজেপিৰ সৈতে চৰকাৰ থাকিব পাৰে কিন্তু বিজেপিৰ আঁচনি, বিজেপিৰ কথা-কাম মতে উঠ-বহ কৰা ভকত নহয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী৷ কংগ্ৰেছৰ সৈতে ১৫ বছৰ ৰাজ্য চৰকাৰ চলাই থকাৰ সময়ত হাগ্ৰামাই কংগ্ৰেছৰ বিৰুদ্ধে গুজৰি-গুমৰি আছিল৷

যোৱা এবছৰে হাগ্ৰামাই বিজেপিৰ সৈতে চৰকাৰ চলাই আহিছে যদিও বিজেপিৰ নেতা-কৰ্মীৰ বিৰদ্ধে ভেটি লোৱাৰ মুকলিকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ মাজতে কালি বিটিএডিৰ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীৰ সপোনৰ শ্ল’গান সব কা সাথ, সব কা বিকাশ সন্মিলন। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তিনি বছৰ পুৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত চৰকাৰৰ আঁচনিৰ গুণ গান গোৱা পৰিলক্ষিত হ’ল যদিও ৰাইজৰ উপস্থতি সেৰেঙা আছিল।

জিলাখনত চৰকাৰে আয়োজন কৰা প্ৰথমটো অনুষ্ঠান য’ত বিপিএফ দলৰ কোনো নেতা-কৰ্মীৰ উপস্থিতি দেখা পোৱা নগ'ল। বিজেপি তথা ৰাজ্য চৰকাৰৰ মিত্ৰ দল বিপিএফে চৰকাৰৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান বৰ্জন কৰা কাৰ্য্যই হাগ্ৰামাৰ বিটিএডিত হাগ্ৰামাই ৰজা আন কাৰো সভা-সমিতি সফল নহয়, ইয়াকে প্ৰতিপন্ন কৰিলে হাগ্ৰামাই৷

বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত নাছিল এজনো বিপিএফৰ মন্ত্ৰী-বিধায়ক। জনসাধাৰণৰ উপস্থিতিও তেনেই সেৰেঙা। মঞ্চত দেখা গ'ল জিলা উপায়ুক্ত বিনোদ ডেকা, জিলা আৰক্ষী অধিক্ষক শংকৰ ব্ৰত ৰায়মেধি, মুখ্য অতিথি বিধায়ক নাৰায়ণ ডেকাসহ বিজেপিৰ কেইজন মান নেতা-কৰ্মী।

বিজেপি নেতা কৰ্মীয়েই অনুষ্ঠানটো পৰিচালনা কৰে। দুপৰীয়া ১১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটো বিয়লি ৩ বজাত অন্ত পৰে। আৰম্ভণিতে বিজেপি নেতা কৰ্মী সকলে বাৰে বাৰে মাইক যোগে মাতিবলগীয়া হৈছিল জনসাধাৰণনক৷ পিছত হে কিছু লোকৰ সমাগম হয় যদিও সেৰেঙা হৈয়ে থাকে মঞ্চ।

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত চিৰাং জিলা উন্নয়ণ সন্দৰ্ভত একো কোৱা দেখা নগল যদিও মাথো বাহিৰত প্ৰধান মন্ত্ৰী মোদীয়ে কৰা কামৰ খতিয়ান দাঙি ধৰাহে পৰিলক্ষিত হল। জিলাসদৰ কাজলগাঁও স্থিত প্ৰয়াত কংগ্ৰেছ নেতা তথা মুক্তিৰ চাকি প্ৰেমসিং ব্ৰহ্ম সোঁৱৰণী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিজেপি চৰকাৰৰ এই অনুষ্ঠান।