মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ বন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত কথাচেমা গাঁৱত কালি নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই গাঁওবাসীৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ভাঙি চূৰমাৰ কৰে চাৰিটাকৈ গৃহ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত নিকটৱৰ্তী কথা সংৰক্ষিত বনাঞ্চলৰ পৰা কেইবাজনীয়া এটা বনৰীয়া হাতীৰ জাক ওলাই আহি কথাচেমা গাঁৱত প্ৰৱেশ কৰে। গাঁওখনত প্ৰৱেশ কৰিয়েই যজ্ঞ তামাং, ৰোহিত শৰ্মা, দীপক লামা আৰু গোপাল দাহালৰ মুঠ চাৰিটা ঘৰ ভাঙি চূৰমাৰ কৰে বন্যহস্তীৰ জাকটোৱে।

গাঁৱবাসীৰ কৃষি ভূমিতো তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে৷ আনহাতে, হাতীয়ে ভিতৰত মানুহ শুই থকাৰ অৱস্থাত ঘৰ কেইটা ভাঙি ধ্বংস যজ্ঞ চলোৱাত কথমপিহে পৰিয়াল কেইটাৰ সদস্যসকলৰ প্ৰাণ ৰক্ষা পৰে৷ ধ্বংসস্তুপত পৰিণত হোৱা ঘৰ চাৰিটাৰ তিনিটা কাঠ-বাঁহ আৰু এটা পকী ঘৰ আছিল৷