বাঘবৰঃ নেৰানেপেৰা বৰষুণৰ পলত বাঘবৰত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। বাঘবৰৰ অৰ্ধশতাধিক গাঁও বানৰ কবলত পৰিছে। বহুকেইটা গড়কপ্টানি পথ পানীয়ে খহাই নিবলৈ আৰম্ভ কৰাৰ পাছতো বিভাগ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

বাঘবৰৰ পৰা মিলিজুলি হৈ জিলা সদৰলৈ যোৱা একমাত্র পকী পথটো বানৰ পানীয়ে ছিঙি নিয়াত জ্বলা-কলা খাইছে ৰাইজে। যাৰ ফলত চাৰি চকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে পথটোত।

পথটোৰে নিতৌ হাজাৰ হাজাৰ লোকৰ লগতে স্কুল-কলেজৰ ছাত্ৰী-ছাত্ৰীয়েও আহ-যাহ কৰে। ভৰ বাৰিষা পথটো উটুৱাই লৈ যোৱাৰ পাছতো চৰকাৰ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজে।

বাঘবৰ সমষ্টিৰ স্থানীয় বিধায়ক শ্বেৰমান আলীক পথটোৰ খহাই নিয়া অংশটো মেৰামতি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।