ডিজিটেল ৰিপ'ৰ্টঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আইনৰ কাষ চাপিব লক্ষ্মী ওৰাঙে। 'নিউজ নেক্সট ৱান'ৰ আগত এই কথা সদৰী কৰিছে লক্ষ্মী ওৰাঙৰ ভাতৃ ৰাজেন ওৰাঙে। তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধেও আইনৰ কাষ চাপিব পাৰে ওৰাঙে।

♦ মৰাণত সন্যাসী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ
♦ আইনৰ কাষ চাপিব লক্ষ্মী ওৰাঙে
♦ কাইলৈ যোগীৰ প্ৰতিকৃতি দাহ কৰিব আছাই

উল্লেখ্য যে কিছুদিন পূৰ্বে যোগী আদিত্য নাথৰ নামত থকা এটা ফেচবুক পেজত ভুলকৈ উপস্থাপন কৰা হৈছিল আদিবাসী আন্দোলনত ভাগ লৈ নিৰ্যাতনৰ সন্মুখীন হোৱা লক্ষ্মীক। এই সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লক্ষ্মীৰ পৰিয়ালৰ লোকসকলে।

'জনজাতিকৰণৰ দাবীত আন্দোলন কৰি নিৰ্যাতনৰ বলি হোৱা লক্ষ্মীৰ ফটোৰে বিজেপিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে উঠি-পৰি লগা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনে ঘৃণনীয় কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব। প্ৰয়োজন হ’লে আমি আইনৰ কাষ চাপিম।’-এইদৰে কয় ভাতৃ ৰাজেনে।

ইফালে পোষ্টটোক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ আৰ পি শৰ্মা। যোগীৰ পেজত আপলোড কৰা ভুল ফটোৰ পোষ্টটো চালি-জাৰি নোচোৱাকৈয়ে নিজৰ ফেচবুক টাইমলাইনত শ্বেয়াৰ কৰিছিল সাংসদগৰাকীয়ে। পোষ্টটো এনেদৰে শ্বেয়াৰ কৰাৰ পিছতে অসম সন্দৰ্ভত সাংসদগৰাকীৰ জ্ঞানক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে বহুতে।

অসমৰ ৰাজনীতিত দীৰ্ঘ সময় জড়িত হৈ থাকিও সাংসদগৰাকীয়ে লক্ষ্মী ওৰাঙৰ ঘটনাৰ বিষয়ে নজনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে অধিকাংশ লোকে। বিশ্ববাসীৰ মাজত কংগ্ৰেছৰ চৰিত্ৰ উদঙাই দিবলৈ পোষ্টটো শ্বেয়াৰ কৰিবলৈ জনোৱা আহ্বানত সহাৰি দি সাংসদ আৰ পিয়ে এনদেৰ পোষ্টটো শ্বেয়াৰ কৰাত হতভম্ব হৈ পৰিছে সকলো। 

এক দশক পূৰ্বৰ তীব্ৰ বিতৰ্ক সৃষ্টিকাৰী বেলতলা কাণ্ডৰ বিষয়েও অজ্ঞ হৈ থকাটো এগৰাকী বয়োজ্যেষ্ঠ সাংসদৰ পক্ষে কিমানদূৰ সম্ভৱ সেয়াও বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰীয়ে কোৱা বাবে সাংসদগৰাকীয়ে নিজৰ ৰাজ্যখনৰ কথা পাহৰি পেলোৱা বুলিও ছ’চিয়েল মিডিয়াত বহুতে মন্তব্য কৰা দেখা গৈছে।

বিষয়টোক লৈ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। দেওবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে মৰাণহাট আৰক্ষী থানাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আনহাতে কাইলৈ ৰাজ্যজুৰি সংগঠনটোৱে উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰীজনৰ লগতে অসমৰ সাংসদ আৰ পি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে।

• NNO বালিপৰা আৰু NNO ডিব্ৰুগড়ৰ সহযোগত•