জয়সাগৰঃ এইবাৰ ট্ৰাইবেল সংঘ বনাম তাই আহোম ছাত্ৰ সন্থা৷ ট্ৰাইবেল সংঘ তথা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কাইলৈ পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা হৈছে ২৪ ঘন্টীয়া অসম বন্ধ কাৰ্যসুচী ঘোষণাৰ পাছতে ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীক কঠোৰ সকীয়নি প্ৰদান কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে৷
আটাছুৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ ঘোৰ বিৰোধিতা কৰে৷ শিৱসাগৰৰ ঐতিহাসিক কাৰেং ঘৰৰ বাকৰিৰ পৰা সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে বহুদিনৰ পৰা অসমৰ ৬ জনগোষ্ঠীয়ে দাবী কৰি অহা জনজাতিকৰণৰ দাবীক বিগত দিনত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷
সংগঠনটোৰ মূখ্য উপদেষ্টা অশ্বীনি কুমাৰ চেতিয়াই আজি শিৱসাগৰৰ ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত যেতিয়াই এই দাবী এক সুস্থিৰ সিদ্ধান্তৰ দিশে আগবাঢ়ে তেতিয়াই অসম ট্ৰাইবেল সংঘ নামৰ সংগঠনটোৰ সভাপতি আদিত্য খাখলাৰীয়ে ৰাজনৈতিক পৃষ্ঠপোষকতাত অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰে বুলি ক্ষোভ উজাৰে৷
ইতিৰ্পূবে জনজাতিৰ তালিকাভূক্ত ১৪টা জনগোষ্ঠী আৰু ৬ জনগোষ্ঠীৰ মাজত অসমত ভাতৃঘাতি সংঘৰ্ষ লগাই কাৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে বুলি প্ৰশ্ন কৰে সংগঠনটোৰ মূখ্য উপদেষ্টা অশ্বীনি কুমাৰ চেতিয়াই৷ বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে৷ আদিত্য খাখলাৰীৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিবলৈ প্ৰস্তুত বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ উপদেষ্টা গৰাকীয়ে।
শেহতীয়া সংযোজনঃ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ পিছতে ২৪ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাইবেল সংঘ তথা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নেৰ্তৃবৰ্গই। নিউজ নেক্সট ৱানৰ আগত এই তথ্য সদৰী কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।