তিনিচুকীয়া: শিৰোনাম দেখি আপুনি নিশ্চয় আচৰিত হৈছে নহ'বই বা কিয় ? একাংশ লোকে নিৰীহ জন্তু গৰুক ৰাজনৈতিক জন্তুত পৰিণত কৰাক লৈ এই বাতৰি নহয় ৷ নহয়, কোনো গো-ৰক্ষকে বিভিন্ন কাৰণত গৰুক সুৰক্ষাৰ্থে লোৱা কোনো বিশেষ উদ্যোগ ৷

তিনিচুকীয়া জিলাৰ অসম -অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল ডিৰাক চাৰিআলিত ২০১৪ চনতে পিছপৰা অঞ্চলটোৰ যুৱক-যুৱতীসকলক ঔদ্যোগিক ক্ষেত্ৰখনৰ স'তে পৰিচয় কৰাই দিয়াৰ উপৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগ লাভ কৰাৰ লগতে আৰ্থিকভাৱে স্বচ্ছল তথা স্বাৱলম্বী হ'ব পৰাকৈ এটি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হয় ৷

প্ৰায় ১০ বিঘা মাটিত আগুৰি নিৰ্মিত এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ যদিও অজ্ঞাত কাৰণত আজিকোপতি মুকলি নহ'ল ৷ পৰিণতিত বহু প্ৰত্যাশাৰে  প্ৰশিক্ষণ কেন্দ্ৰটোত নামভৰ্তি কৰি প্ৰশিক্ষণ লৈ ভৱিষ্যতে একোজন সুদক্ষ ইলেক্ট্ৰিচিয়ান, মটৰ মেকানিক অথবা একোজন স্বনিৰ্ভৰশীল ব্যক্তি হ'ম বুলি বাট চাই থকা বহু যুৱক-যুৱতীৰ জীৱনৰ পৰা যৌৱনে মেলানি মাগিছে ৷

নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত স্থানীয় যুৱক-যুৱতীৰ লগতে আগ্ৰহী ব্যক্তিসকলকো প্ৰশিক্ষণ প্ৰদান কৰি স্বনিৰ্ভৰশীলতাৰ আদিপাঠ শিকাব পৰা যাব। বহিঃৰাজ্যত মাত্ৰ কেইটিমান টকাৰ বিনিময়ত গেবাৰি খাটি থকাসকলেও নিজ নিজ অঞ্চলত কৰ্মসংস্কৃতিৰ বিপ্লৱ আৰম্ভ কৰিব পৰাৰ থল আছে৷

 উক্ত এলেকাত নিউজ নেক্সট ওৱানৰ সাংবাদিক গৈ প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰি উলিওৱা প্ৰশিক্ষণ কেন্দ্ৰটোৰ ভিতৰত প্ৰৱেশ কৰি প্ৰত্যেকটো কক্ষতে গৰুৰ অবাধ বিচৰণ প্ৰত্যক্ষ কৰে ৷ নৱনিৰ্মিত কেন্দ্ৰটোৰ দৰ্জাবিহীন কাৰ্যালয়, শ্ৰেণীকক্ষ, বাৰান্দাসকলোতে গৰুৰ বিচৰণৰ লগতে গো-মূত্ৰৰে এক কদৰ্যময় পৰিবেশ সৃষ্টি হৈছে ৷

সীমান্তৱৰ্তী এলেকাৰ ৰাইজে ৰাজ্যৰ শাসনাধিষ্ঠিত চৰকাৰক শীঘ্ৰে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰি পাঠদান চলাই নিবলৈ দাবী জনাইছে।