লালুকঃ ফেনে-ফোটোকাৰে বাঢ়ি অহা গাভৰু নদীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে লখিমপুৰ জিলাৰ লালুকত৷ মুষলধাৰ বৰষুণৰ ফলত গাভৰুৰ বাঢ়নী পানীয়ে লালুকৰ তৰাজুলি অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে৷

বাঢ়নী পানীয়ে তৰাজুলি বনুৱা প্ৰাথমিক বিদ্যালয় আৰু তৰাজুলি প্ৰাক্তন চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদ বুৰাই পেলায়৷ শ্ৰেণীকোঠাৰ ভিতৰত পানী সুমুৱাৰ ফলত পাঠদান ব্যাহত হৈ পৰে বিদ্যালয় দুখনৰ৷

গাভৰুৰ বাঢ়নী পানীয়ে লালুকৰ বহু কেইটা গ্ৰাম্য পথ খহাই নিয়াত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে৷ লালুকৰ তৰাজুলি সংযোগী পথটো কেইবাঠাইত খহাই পেলোৱাত ৰাইজে আহ-যাহ কৰিব নোৱাৰি ব্যাপক সমস্যাত পৰিছে৷

বাঢ়নী পানীয়ে তৰাজুলি, ৰোমান চুক, খ্ৰীষ্টান গাঁও আদি গাঁও জলমগ্ন কৰি পেলোৱাত বিপদৰে দিন অতিবাহিত কৰাৰ সময়তে সন্ধিয়াৰ ভাগত নৈখনৰ পানী বাঢ়িবলৈ লোৱাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।