গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে-সময়ে আইন সংশোধন, আইন সলনি কৰি সময় পাৰ কৰিছে৷
ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে স্কুল সমুহ আজিলৈ প্ৰাদেশিকীকৰণ কৰা নাই।
প্ৰাদেশিকীকৰণৰ দাবী সম্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰাৰ বাবে অহা এক জুলাই শনিবাৰে বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছে।
বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ত দিনৰ বাৰ বজাত অনুষ্ঠিত হ’ব লগা সভাত বিটিচিৰ সকলো ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই।