হোজাইঃ ঈদৰ দিনাই হোজাই জিলাৰ ডবকাত সংঘটিত হয় তিনিটাকৈ নাৰকীয় ধৰ্ষণ কাণ্ড৷ পৃথকে পৃথকে সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডৰ খবৰে জোকাৰণি সৃষ্টি কৰিছে অঞ্চলটোত৷
তিনিটা ঘটনাত মুঠ ছয়গৰাকী কিশোৰী ধৰ্ষণৰ বলি হয়৷ আটাইকেইগৰাকী কিশোৰীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাত সমগ্র ঘটনা পোহৰলৈ আহে ৷
ঘটনাৰ বিৱৰণী অনুযায়ী ডবকাৰ ডবকা পথাৰ আৰু ডবকাৰ মদাৰতলিৰ চাৰিগৰাকী কিশোৰীক তেওঁলোকৰ দুই বান্ধৱীয়ে ঈদ উপলক্ষে ফুৰাবলৈ নিয়াৰ ছলেৰে ঘৰৰ পৰা ঈদৰ দিনা মাতি নিছিল৷ তাৰ পিছত ৫জনীয়া ল'ৰাৰ দল এটাৰ সৈতে তেওঁলোকে কিশোৰী কেইগৰাকীক চিনাকি কৰাই দিয়ে। সকলোৱে একেলগে গাড়ীত বহি যাত্ৰা আৰম্ভ কৰে৷
কিছুসময়ৰ পিছতে গাড়ীৰ পৰা বান্ধৱী দুগৰাকী নামি যায়৷ তাৰ পিছতে যুৱকেইজনে গোটেই দিনটো কিশোৰী কেইগৰাকীক বিভিন্ন প্ৰলোভন দি যুৱক কেইজনে ঘুৰাই-ফুৰাই আন্ধাৰ নমাত এখন জংঘললৈ লৈ যায়। জংঘলত ওৰে নিশা গাড়ীৰ ভিতৰত পাষণ্ড কেইটাই কিশোৰী কেইগৰাকীক যৌন নিৰ্যাতন চলাই পুৱা এখন টেম্পোত তুলি ঘৰলৈ পঠিয়াই দিয়ে। ধৰ্ষিতা কিশোৰী কেইগৰাকীয়ে আজি এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰাত আৰক্ষীও হতভম্ব হৈ পৰে৷
যুৱতীকেইগৰাকীয়ে পাঁচ লম্পটক চিনাক্ত কৰি ডবকা থানাত এক গোচৰ দাখিল কৰে৷ লম্পট কেইটা হৈছে ক্ৰমে গিয়াছ উদ্দিন, ফাহিম উদ্দিন, মিন্টু,ৰমিজ আৰু ছাইদুল। এই আটাইকেইজন লম্পট সম্প্ৰতি পলাতক৷
ইফালে একেই দিনা আৰু দুটা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰো পোহৰলৈ আহে৷ ডবকাত মিছা প্ৰেমত ভোল গৈ ধৰ্ষণৰ বলি হয় আন আগৰাকী যুৱতী৷ ইমৰান নামৰ এজন যুৱকৰ সৈতে প্ৰেমত পৰা ডবকাৰ ভেলুগুৰিৰ এই যুৱতীগৰাকীয়ে ঈদৰ দিনা ফুৰিবলৈ গৈছিল প্ৰেমিকৰ লগত৷ দুষ্ট প্ৰেমিকে গাড়ীত তুলি পাহাৰৰ নিৰ্জন ঠাইলৈ ফুচলাই নি ধৰ্ষণ কৰি থাকোতে ৰাইজে দেখা পায়।
পিছত যুৱকজনে প্ৰেয়সীক এৰি পলায়ন কৰে৷ ৰাইজে খেদি খেদি যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে যুৱকজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰে৷ যুৱতী গৰাকীয়ে প্ৰেমিকৰ বিৰুদ্ধে ডবকা থানাত এক গোচৰ দাখিল কৰে৷
তৃতীয়টো ঘটনাত ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী৷ বিয়াৰ বয়স নৌহওতেই বিয়াৰ প্ৰলোভন দেখুৱাই ডবকা দহ নং ৱাৰ্ডৰ এজন যুৱকে যুৱতীগৰাকীক ঘৰলৈ মাতি নি ধৰ্ষণ কৰে৷ স্থানীয় লোকে গম পাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে যদিও যুৱকজন পলাবলৈ সক্ষম হয়
সম্প্ৰতি যুৱতীগৰাকীযে ডবকা থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায়ৰ আশাত ডবকা থানাত বোন্দাপৰ দি আছে৷ পৱিত্ৰ ঈদৰ দিনা সংঘটিত তিনিটাকৈ ধৰ্ষণৰ ঘটনাই ডবকাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
(সম্পাদকৰ টোকাঃ এনে ঘটনাই বাৰে বাৰে সভ্য সমাজক কলংকিত কৰি আহিছে। বিগত কিছুদিন ধৰি আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে এনে ঘটনা। তালৈ চাই এইধৰণৰ ঘটনাৰ বা-বাতৰিবোৰ প্ৰকাশ কৰাতো উচিত নে অনুচিত সেই লৈ পঢ়ুৱৈসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। বিষয়টো সম্পৰ্কত সিদ্ধান্তত উপনীত হোৱাতো সহজ নহয় যদিও এটা কথা ক'ব পাৰি যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোণস্বৰূপ। সমাজত যিবোৰ ঘটে সেইবোৰ দাপোণস্বৰূপ সংবাদ মাধ্যমত প্ৰতিফলিত হোৱাটোৱেই স্বাভাৱিক।)