ডিজিটেল ডেস্কঃ ভাটৌৰ দৰে আওৰাই জি এছ টিৰ কথা ক'ব পাৰে, পিছে দেশৰ কেবাজনো ৰাজনৈতিক মহাৰথীয়ে নাজানে জি এছ টি খায়নে পিন্ধে। দেশৰ কৰ প্ৰণালীৰ ঐতিহাসিক সংস্কাৰৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ সময়ত প্ৰকট হৈ পৰিছে বৰমূৰীয়াৰ অজ্ঞতা।
আনৰ পৰা শুনি ভাষণ দিলেও যে জি এছ টিৰ ফলাফল আৰু উদ্দেশ্যৰ কথা মুঠেও নাজানে সেয়া প্ৰমাণ হ'ল উত্তৰ প্ৰদেশৰ এজন মন্ত্ৰীৰ কথাত। ৰাজ্যখনৰ বিজেপি চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰামাপতি শাস্ত্ৰীক এই বিষয়ত প্ৰশ্ন কৰিছিল সাংবাদিকে।
প্ৰথমতে কেমেৰাৰ আগত ডিঙিৰ সিৰ ফুলাই জি এছ টিৰ উপকাৰিতা ব্যাখ্যা কৰিলে মন্ত্ৰীজনে। পিছে চতুৰ সাংবাদিকৰ প্ৰশ্নত বিপাঙত পৰিল ৰামাপতি। প্ৰশ্নকালত এজন সাংবাদিকে শাস্ত্ৰীক জি এছ টিৰ সম্পূৰ্ণ নাম হিন্দীত ভাঙনি কৰাৰ আহ্বান জনালে। পিছে জি এছ টি মানে কি ক'বই নোৱাৰিলে মন্ত্ৰীজনে।
জ্ঞানৰ ভঁৰাল ধোবাংবাং হল শাস্ত্ৰীৰ। পিছে বিপাঙত পৰিও ওফাইদাং কথা কলে মন্ত্ৰীজনে। শাস্ত্ৰীৰ মতে তেওঁ জি এছ টিৰ কথা তন্ন-তন্নকৈ জানে, পিছে তথ্যবোৰ পাহৰি যোৱাৰ বাবেহে দিব পৰা নাই প্ৰশ্নৰ উত্তৰ। বিগত কিছুদিন মন্ত্ৰীসকলক জি এছ টিৰ বিষয়ে জ্ঞান দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। কিন্তু কামত অহা নাই যোগীৰ টিউছন।