ডিজিটেল ৰিপ'ৰ্ট "কেন্দ্ৰীয় চৰকাৰে সংবিধান উলংঘা কৰি মানৱ অধিকাৰ আইন উলংঘা কৰিছে৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰ সংঘলৈ যাম৷ ভাৰত চৰকাৰে আমাক কৰা প্ৰতাৰণাৰ কথা আমি ৰাষ্ট্ৰসংঘক অৱগত কৰিম৷" এই মন্তব্য গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সাধৰণ সম্পাদক সঞ্জয় কৃষ্ণ তাঁতীৰ৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহা তাঁতীয়ে আজি 'নিউজ নেক্সট ৱান'ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাজ্য চৰকাৰে বাৰে বাৰে ৬ জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে বুলি কৈ আৱেগিক হৈ পৰে৷
♦ প্ৰয়োজনত অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ জনগোষ্ঠীয় নেতাৰ
♦ ৩ জুলাইত অসম বন্ধ, ১১ জুলাইত ৰেলপথ অৱৰোধ
তাঁতীয়ে শীঘ্ৰে ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰি অসমৰ ৰাইজক চৰকাৰে কৰা বঞ্চনাৰ বিষয়ে আলোচনা কৰিব বুলি সদৰী কৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰদৰে স্পৰ্শকাতৰ বিষয় এটিক চৰকাৰে চূড়ান্তভাৱে আওকাণ কৰাৰ লগতে ২০১৬ চনৰ মে’ মাহৰ পৰা মডেলিটি প্ৰকাশৰ নামত প্ৰৱঞ্চনা কৰি অহা কাৰ্যৰ বিৰুদ্ধেও ক্ষোভ উজাৰে জনগোষ্ঠীয় নেতাজনে।
উল্লেখ্য যে, টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰে জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠনৰ কেইবাজনো নেতাই৷
গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে অভিযোগ কৰি কয় যে যোৱা ৩০ জুনত জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰি আহিছে৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই আজি যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
জনজাতিকৰণ আমাৰ ন্যায্য দাবী শ্ল’গানেৰে এইবাৰ জনজাতিকৰণৰ আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে জনগোষ্ঠীয় সংগঠনকেইটাই৷ যেতিয়ালৈকে জনজাতিকৰণৰ দাবী পূৰণ নহয় তেতিয়ালৈকে ক্ষান্ত হোৱাৰ প্ৰশ্নই নাহে বুলিও হুংকাৰ দিয়ে জনগোষ্ঠীয় সংগঠনকেইটাই৷ আনহাতে জনগোষ্ঠীয় সংগঠনকেইটাই ৩ জুলাইত অসম বন্ধ ঘোষণা কৰাৰ লগতে ১১ জুলাইত ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজিলে অগণতান্ত্ৰিক আন্দোলনেৰে হলেও জনগোষ্ঠীয় সংগঠনকেইটাই নিজৰ অধিকাৰ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে।
কেৱল হুংকাৰ বুলি ভাবি নাথাকিবলৈকো চৰকাৰক সকীয়াই দি তেনে আন্দোলন বাস্তৱত ৰূপায়িত কৰিব বুলিও বিজেপি চৰকাৰক স্পষ্ট কৰি দিয়ে সগংঠনকেইটাই৷ গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সাধৰণ সম্পাদক সঞ্জয় কৃষ্ণ তাঁতীয়ে ৰাজ্য চৰকাৰৰ ওচৰত সহজ-সৰলকৈ জনজাতিকৰ দাবী জনাই কোনো লাভ নাই বুলিও ক্ষোভ ব্যক্ত কৰে৷ চৰকাৰে সহজ-সৰল আন্দোলনৰ ভাষা বুজি নাপালে অচিৰেই তেওঁলোক হিংস্ৰ হৈ পৰিবলৈ বাধ্য হ’ব বুলিও নিউজ নেক্সট ৱানক জানিবলৈ দিয়ে৷ "আমি আমাৰ অধিকাৰ বিচাৰিছো। কাৰো ব্যক্তিগত বস্তু বিচাৰিবলৈ যোৱা নাই৷ হয় চৰকাৰে আমাৰ অধিকাৰ আমাক দিয়ক, ন’হলে নিদিও বুলি স্পষ্টকৈ কৈ দিয়ক। তেতিয়া আমি নিজৰ ব্যৱস্থা নিজেই কৰি ল'ম।"-তাঁতীয়ে কয়।