জাজৰিঃ জাজৰিৰ নিকটবৰ্তী মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ ২০১৬-১৭ বৰ্ষৰ এছিয়া শান্তি উৎকৰ্ষ বঁটা (এছিয়া পেচিফিক এক্সেলেঞ্চ এৱাৰ্ড) আগবঢ়োৱা হৈছে। 

বন্যপ্ৰাণী সংৰক্ষন, জনসজাগতা বৃদ্ধি, জাতি-ধৰ্ম-বৰ্ণ-জনগোষ্ঠীৰ মাজত শান্তি আৰু সাংস্কৃতিক ঐক্য স্থাপনৰ দিশত নগাঁও আৰু মৰিগাঁও জিলাত অধ্যক্ষ গৰাকীয়ে তিনিদশক ধৰি একাগ্ৰতাৰে কাম কৰি আহিছে।

এই কামৰ স্বীকৃতি স্বৰূপে ভাৰতৰ শান্তি আৰু সংহতি নাগৰিক সংস্থা আৰু ভাৰত নেপাল নাগৰিক মঞ্চ শান্তি আৰু উন্নয়ন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ যুটীয়া উদ্যোগত এই বঁটা যোৱা ১৬ জুনত কাঠমাণ্ডুত আয়োজিত ইণ্ডো-নেপাল ফ্ৰেণ্ডশ্চিপ এণ্ড ইকনমিক ক'পৰেশ্চনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনে অধ্যক্ষ গোস্বামীক এই বঁটাৰ বাবে বাচনি কৰে। 

বঁটা গ্ৰহণৰ বাবে কাঠমাণ্ডুত অনুষ্ঠিত সন্মিলনলৈ আমন্ত্রন জনাইছিল যদিও গোস্বামী যাব নোৱাৰাত যোৱা ৩০ জুনত ভাৰত-নেপাল মৈত্রী সংঘৰ প্ৰতিনিধি পশ্চিম শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অধ্যক্ষ গৰাকীৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে বঁটা প্ৰদান কৰে। 

এই বঁটাত আছে আন্ত:ৰাষ্ট্ৰীয় এটা ট্ৰফি, মানপত্র, নগদ ধন আৰু কিতাপৰ টোপোলা। এই বঁটা পোৱাৰ বাবে অধ্যক্ষ গৰাকীক আছু, যুৱ ছাত্র পৰিষদ, জাজৰি প্ৰেছ ক্লাৱে আন্তৰিক অভিনন্দন জনাইছে।