বাঢ়নী পানীয়ে একাকাৰ কৰিছে পথ-পথাৰ, ইনছেটত নিহত লোকজন
বাঢ়নী পানীয়ে একাকাৰ কৰিছে পথ-পথাৰ, ইনছেটত নিহত লোকজন

নাৰায়ণপুৰঃ ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। কেইবাখনো জিলাৰ বিভিন্ন নৈৰ বাঢ়নী পানীয়ে বহু গাঁও বুৰাই পেলোৱাৰ ফলত ককবকাব লগীয়াত পৰিছে ৰাজ্যবাসী৷ চৰকাৰে বানাক্ৰান্তক যিদৰে সহায় কৰিব লাগিছিল তেনেদৰে সহায় নকৰাৰো অভিযোগ উত্থাপন হৈছে৷

বানত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাতৰি প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷ গৰাখহনীয়াৰো কবলত পৰিছে বহু লোক৷ খাদ্য-বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে৷ লখিমপুৰ জিলাৰো বহু অঞ্চল পুনৰাই বানৰ কবলত পৰিছে।

কালিৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিহপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ, শিমলুগুৰিৰ বহু গাঁও জলমগ্ন হৈ পৰিছে। ডিক্ৰং, দিহিৰি, দ্ৰোপাং, চেঁচা, পিছলা আদি কেইবাখনো নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে অঞ্চলটোৰ প্ৰায় ৩০খনতকৈ অধিক গাঁও।

অঞ্চলটোৰ ১নং ৰঙতি, ২নং ৰঙতি, তাতিবাহৰ আদি অঞ্চলত পানীৰ প্ৰভাৱ অধিক দেখা গৈছে। বাঢ়নী পানীয়ে বহু লোকৰ ঘৰ-দুৱাৰৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছে। বিভিন্ন ঠাইত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়তত সমস্যাৰ সৃষ্টি হৈছে৷ পথাৰ, ৰাস্তা একাকাৰ হৈ পৰিছে।

আনফালে সোৱণশিৰি নৈৰ পানীও বিপদ সীমাৰ ওপৰেৰে বৈ থকা দেখা গৈছে। জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বাবে যোৱা নিশাৰে পৰা বিদ্যুৎ সেৱা কৰ্তন কৰি ৰাখিছে বিদ্যুৎ বিভাগে। পশুধনৰ খাদ্যৰ ক্ষেত্ৰটো সমস্যাৰ সৃষ্টি হৈছে।

ফেনে ফোটোকাৰে বাঢ়ি অহা মৰি-ডিক্ৰং নৈৰ পানীত পৰি দেওবাৰে পুৱাৰ ভাগত নাৰায়ণপুৰত এজন লোকৰ মৃত্যু হয়। পোহৰ চন্দ্ৰ দেউৰী (৪৬) নামৰ লোকজন মাছ মাৰিবলৈ গৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ পানীত পৰাৰ ফলতে মৃত্যু মুখত পৰে।

আজি নাৰায়ণপুৰ অঞ্চলৰ বিভিন্ন ঠাইৰ বানাক্ৰান্তৰ বুজ লয় নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনি ইমান ছাদাবে। কেইবাজনো পশু চিকিৎসকক লগত লৈ গৈ বিষয়াগৰাকীয়ে বানাক্ৰান্তসকলক সহায় আগবঢ়োৱাৰ লগতে পশুধনৰ খাদ্যৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে।