Image for Representation
Image for Representation

লিডুঃ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ এচাম অসাধু লোকে এই নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে৷

জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ ভিতৰুৱা গ্ৰাম্যঞ্চত মুকলিকৈ কানিৰ বৃহৎ বজাৰ গঢ়ি উঠিছে বুলি জানিবলৈ দিছে স্থানীয় সচেতন ৰাইজে। নাম প্ৰকাশত অনিচ্ছুক অঞ্চলসমূহৰ একাংশ লোকে মহকুমাটোৰ কেটেতং, ইমথেন, নংলাই, ডিৱং আদি অঞ্চলৰ লগতে লিডুৰ কলপাৰা, নামফাই, আদি জনগোষ্ঠীয় প্ৰধান অঞ্চল গাঞ্জাৰ মুক্ত প্ৰচলন হৈ থকা বুলি অভিযোগ কৰে৷

মহকুমাটোৰ একাংশ সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক এই সামগ্ৰীসমূহৰ প্ৰতি আসক্ত হোৱা বুলি উক্ত লোকসকলে সদৰী কৰিছে। একাংশ স্কুল-কলেজৰ ছাত্ৰই এই ঘাটিসমূহত কানি সেৱনৰ দৃশ্য অতি সহজলভ্য বুলি অভিযোগ উঠিছে৷

বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনসমূহে বিগত সময়ত আৰক্ষীক অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে দুজন মান গাঞ্জা কানি আসক্ত যুৱকক কৰায়ত্ব কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ  উঠিছে। স্থানীয় ৰাইজে এই ক্ষেত্রত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰে।