ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানেই মহিলাৰ প্ৰস্ৰাৱগাৰত নিষিদ্ধ কৰিলে মহিলাৰে প্ৰৱেশ৷ এয়া টাইপিঙৰ ভুল নহয়, আপুনি ঠিকেই পঢ়িছে- মহিলাৰ প্ৰস্ৰাৱগাৰত মহিলাৰ প্ৰৱেশ।
কলকাতাৰ ঐতিহ্যপূৰ্ণ প্ৰেসেডেঞ্চী কলেজত এই আজৱ কাণ্ড। কলেজ প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বাবেই এগৰাকী ছাত্ৰীৰ লগত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে খোদ ছাত্ৰীগৰাকীয়ে৷
কলেজখনৰ ছাত্ৰী ৰিদ্ধিব্ৰতা সাহাক উপস্থিতিৰ হাৰ ৭৫% নোহোৱাৰ বাবেই পৰীক্ষাত অৱৰ্তীণ হ’ব দিয়া নাছিল প্ৰশাসনে৷ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষাৰ্থীগৰাকীয়ে কয় যে মহাবিদ্যালয়ৰ প্ৰশাসনে পৰীক্ষাত বহিব নিদিয়া ছাত্ৰ-ছাত্ৰীৰ এখন তালিকা প্ৰকাশ কৰিছিল, য’ত নাছিল ছাত্ৰীগৰাকীৰ নাম৷
এই নিষেধাজ্ঞাৰ প্ৰতিবাদ কৰাৰ বাবেই ছাত্ৰীগৰাকী বুধবাৰৰ পৰা শনিবাৰলৈ মহাবিদ্যালয়খনৰ মহিলাৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিবলৈ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে৷ উপায়বিহীন হৈ পুৰুষৰে প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিছে বুলিও উল্লেখ কৰিছে ছাত্ৰীগৰাকীয়ে৷