ডিজিটেল ডেস্কঃ মাথো ৫০০ টকাৰ বিনিময়ত আপোনাৰ বেংকৰ সকলো তথ্য নিব পাৰে চাইবাৰ অপৰাধীয়ে৷ আপোনাৰ ডেবিট-ক্ৰেডিট কাৰ্ডৰ যাৱতীয় তথ্য পিন, চিভিভি নম্বৰ, ই-মেইল আইডি সকলো উলিয়াই দিব পাৰে মাথো ৫০০ টকাৰ বিনিময়ত৷ ৫০০ টকা দিলেই বেংকৰ সমস্ত তথ্য দিয়া চক্ৰ এতিয়া আৰক্ষীৰ জালত৷ এই কাৰ্যৰ জড়িয়তে কোটি কোটি টকা ঘটিছে চক্ৰটোৱে৷ এই সমস্ত তথ্য সৰবৰাহ কৰি আহিছে এটি ৱেব ছাইডে৷
মধ্য প্ৰদেশ আৰক্ষীৰ চাইবাৰ শাখাই এই কথা ৰাজহুৱা কৰিছে৷ ইন্দোৰ আৰক্ষীৰ আৰক্ষীৰ হাতত ধৰা পৰা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ নেতৃত্বত আছে পাকিস্তানৰ নাগৰিক৷ এই দলটোৰ সকলো কাম কাজ পৰিচালনা হয় পাকিস্তানৰ লাহোৰৰ পৰা৷ বে-আইনি ভাবে ইন্দোৰৰ এগৰাকী মহিলাৰ বেংক একাউন্টৰ সমস্ত তথ্য কিনাৰ পিছতে পোহৰলৈ আহে সমস্ত ঘটনা৷ তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই মুম্বাইৰ পৰা আটক কৰিবলৈ সক্ষম হয় চক্ৰটোৰ দুই সদস্যক৷
জয়কিষাণ গুপ্তা নামৰ এগৰাকী লোকৰ অভিযোগৰ ভিত্তীত মধ্য প্ৰদেশ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই চলাই এই অভিযান৷ জয়কিষাণৰ একাউন্টৰ পৰা ২৮ আগষ্টত ক্ৰেডিট কাৰ্ডৰ পৰা ৭২,৪০১ টকা উলিয়াই নিছিল৷ মধ্য প্ৰদেশ চাইবাৰ শাখাৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ সিঙে জয়কিষাণৰ একাউন্ট পৰা নিয়া টকাৰে ক্ৰেডিট কাৰ্ড যোগে মুম্বাইৰ ৰাজকুমাৰ পিল্লাই নামৰ লোকজনে বিমানৰ টিকট কটাৰ পিছতে তথ্য পোহৰলৈ অহা বুলি কয়৷ সেই সময়তে গ্ৰেপ্তাৰ কৰা হয় ৰাজকুমাৰ আৰু তেওৰ সহযোগী ৰামপ্ৰসাদ নাদাৰক৷ ৰামপ্ৰসাদ নাদাৰ HDFC বেংকৰ কৰ্মচাৰী৷