ডিজিটেল ডেস্কঃ সুখৰ সংজ্ঞা কি? ক’ত পোৱা যায় সুখ৷ সুখ থাকে ক’ত? আপোনাৰ মোৰ মনত বহুবাৰ উত্থাপন হয় এনে প্ৰশ্ন৷ এই প্ৰশ্নৰ উত্তৰ বিছাৰো আমি সকলোৱে৷ কিন্তু উত্তৰ পাইছে জানো কোনোবাই৷ সুখৰ নামত সকলোৰে আছে নিজস্ব ভাৱনা৷ এই ভাৱনাবোৰ আমি টোকা আকাৰে লিখি থও৷ তাৰ মাজতে সুখৰ ভাৱনা লিখি থৈছিল বিশ্বৰ অন্যতম বিজ্ঞানী এলবার্ট আইনষ্টাইন।
এলবার্ট আইনষ্টাইনে সুখ সন্দৰ্ভত কোনো থিয়ৰি লিখা নাছিল৷ এটি সাধৰণ টোকা লিখি থৈ গৈছিল বিজ্ঞানী এলবার্টে৷ যত সোমাই আছিল তেওৰ ভাৱনা৷ আজিৰ পৰা প্ৰায় ৯৫ বছৰ পুৰ্বে তেও নিজে লিখিছিল সুখ সম্পৰ্কত ভাৱনাৰ টোকা৷ বিখ্যাত বিজ্ঞানীগৰাকীৰ হাতৰে লিখা নোটটো জেৰুজালেমত নিলাম হয়৷ ১৯২২ চনত থিয়ৰি অৱ ৰিলেটিভিটিৰ বাবে নোৱেল বঁটাৰ বাবে মনোনিত হয় বিজ্ঞানী এলবার্ট৷ এই কথা সকলোৱে জানিছিল যদিও বিজ্ঞানী এলবার্টক কোনেও খবৰ দিয়া নাছিল৷
সেই সময়ত তেও ব্যস্ত হৈ আছিল জাপান ভ্ৰমণত৷ টকিঅ’ৰ ইম্পেৰিয়েল হোটেলত এটি অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিছিল বিজ্ঞানী এলবার্ট৷ টকিঅ’ চহৰৰ এটি কুৰিয়াৰৰ কৰ্মচাৰীয়ে হোটেললৈ গল বিজ্ঞানী এলবার্ট আইনষ্টাইনক এই খবৰ দিবলৈ৷ খবৰ দিবলৈ যোৱা সেই সময়ৰ কুৰিয়াৰৰ কৰ্মচাৰীজনক টিপচ হিচাপে নগদ ধন দিব বিছাৰে এলবার্টে৷ কিন্তু কৰ্মচাৰিগৰাকীয়ে লোৱা নাছিল টকা৷
অৱশেষত কৰ্মচাৰি জনক এলবার্ট আইনষ্টাইনে এটি টোকা লিখি দি কয় "তুমি যদি সৌভাগ্যৱান হয়৷ তেন্তে উপহাৰতকৈ বেছি মুল্য লাভ কৰিবা"৷ ইম্পেৰিয়েল হোটেলৰ নোট পেডত লিখি দিয়া কথা খিনিত কৈছিল "জীৱনত সকলোতকৈ বেছি আনন্দ আছে এটি শান্ত আৰু শালীন জীৱনত৷ সাফল্যৰ পিছত দৌৰিলে ধৰা দিব অস্থিৰতা"৷ আন এটি নোটত বিজ্ঞ্ৰানী এলবার্টে লিখিছিল 'where there'S a will, there'S a way'.....অৰ্থাৎ ইচ্ছা থাকিলে পথ ওলায়৷ এই নোট যোৱা দেওবাৰে নিলাম হয় বহু লাখ টকাত৷