ডিজিটেল ডেস্কঃ দিল্লীত দিনে দিনে বাঢ়ি গৈ থকা প্ৰদুষণৰ বাবে দিল্লী চৰকাৰে পুনৰ অড-ইভেন কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে বিচাৰ বিবেচনা কৰি আছে৷দিল্লীত ডিজেল জেনেৰেটৰ ব্যৱহাৰ কৰাৰ পিছত চৰকাৰে বিবাহৰ দৰে অনুষ্ঠান সমুহত অস্থায়ী ভাৱে বিদ্যুত সংযোগ কৰাৰ বাবে আহ্বান জনায়৷

দিল্লীৰ পৰিবহন মন্ত্ৰী কৈলাশ গহলোট কয় যে, কাৰ্যসূচীৰ ভিতৰত ডিটিচিৰ অড-ইভেন বাছ সমুহকো সামৰি লোৱাৰ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে, ইয়াৰ বাবে ব্যক্তিগত আৰু বিদ্যালয়ৰ বাছ সমুহৰো সহায় লোৱা হ'ব৷ লগতে কৈলাশ গহলোটে এয়াও কয় যে বৃদ্ধি পোৱা মেট্ৰ’ৰ ভাৰা ইয়াৰ বাবে বহু প্ৰত্যাহবান মুলক হ’ব৷

উল্লেখ্য যে এইবাৰো অড-ইভেন কেৱল ডাঙৰ বাহন বোৰৰ ওপৰত হে কাৰ্যকৰী হ’ব, পুৰ্বৰ দৰে এইবাৰো বাইকআৰোহী সকলক ৰেহাই দিয়া যাব৷ আনহাতে মহিলা সকলক দিয়া নহব ৰেহাই, এইক্ষেত্ৰত মহিলা সকলে নিজেই আগবাঢ়ি আহি তেওঁলাককো এই অড-ইভেন কাৰ্যসূচীৰ মাজত লবলৈ মন্ত্ৰী গহলোটক আপিল কৰে৷

জানিবলৈ পোৱা মতে, ৰাজধানী দিল্লীত প্ৰদুষণৰ স্তৰ বৃদ্ধি দিল্লী প্ৰদুষণ কন্ট্ৰোল কমিটিয়ে ১৮ অক্টোবৰত আদেশ জাৰি কৰি ১৫ মাৰ্চ ২০১৮ লৈ ডিজেল জেনেৰেটৰ ব্যৱহাৰ বন্ধ কৰে।