ডিজিটেল ডেস্কঃ প্ৰেমক লৈ মানুহ কিমান বলিয়া হ’ব পাৰে বাৰু! আকাশৰ জোন বেলি তৰা আনিব নোৱাৰিলেও বহু কিবা কিবিয়ে কৰি পেলায়৷ প্ৰেমিকাৰ যদি প্ৰেমিক নোহোৱা হয় বা হেৰাই যায় তেতিয়া কি কৰিব পাৰে বাৰু হেৰুৱা জনক বিচাৰি৷ প্ৰেমিকক বিছাৰি উলিয়াবলৈ মহাৰাষ্ট্ৰত এনে এক ঘটনা ঘটিল যি আপুনি বা মই হয়তো ভাবিবও নোৱাৰিম তেনে কাম কৰাৰ বাবে৷

প্ৰিয়ক বিচাৰি প্ৰিয়াই ল’লে অদ্ভুত পৰিপন্থা৷ প্ৰেমিকক বিচৰাৰ নামত নিজৰ ওপৰত ল’লে মিছা অপবাদ৷ প্ৰেমিকৰ বিৰুদ্ধেই ধৰ্ষণৰ মিছা অভিযোগ দি আৰক্ষীৰ হতুৱাই বিছাৰি উলিয়ালে হেৰুৱা প্ৰেমিকক৷ পিছত প্ৰকৃত কথা ফাদিল হোৱাত সকলো হতবাক৷ কিন্তু এই অদ্ভুত পথ অৱলম্বন গ্ৰহণ কৰা যুৱক-যুৱতী হালৰ ভৱিষ্যতৰ কথা ভাবিয়ে সিহঁতৰ বিৰুদ্ধে কোনো আইনি ব্যৱস্থা নল’লে আৰক্ষীয়ে৷

মহাৰাষ্ট্ৰৰ লাতুৰৰ বাসিন্দা এই যুৱতীগৰাকীৰ লগত দিন দিয়েক পুৰ্বে প্ৰেমিক জনৰ লগত কাজিয়া হৈছিল। যাৰ কাৰণে প্ৰেমিকাৰ ফোন ধৰা বন্ধ কৰি দিছিল প্রেমিকজনে। বন্ধ হৈ গৈছিল দেখা সাক্ষাৎ। পিছলৈ প্ৰেমিকৰ একো খবৰ নোপোৱাত আৰক্ষীৰ দ্বাৰস্থ হয় যুৱতীগৰাকী। কিন্তু অভিমান দূৰত ৰাখি হেৰুৱা প্রেমিকক বিচৰাৰ বাবেই আৰক্ষীৰ সহায় লবলৈ আওপকীয়া পথ লয় প্ৰেমিকাই। তাইৰ প্ৰেমিক তথা লগৰ কেইজন মান বন্ধুৰ বিৰুদ্ধে গণধর্ষণৰ কাহিনী সজাই প্ৰচাৰ কৰি গোচৰ ৰুজু কৰে৷

কিছুদিন পিছতেই আৰক্ষীয়ে বিছাৰি উলিয়াই অভিযুক্তক। তেতিয়াই ওলাই পৰে প্ৰকৃত ৰহস্য৷ পিছত সকলোৱে অৱগত হয় প্ৰেমিকাৰ উদ্দেশ্য। পিছত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে একো ব্যৱস্থা নললে যদিও
ভৱিষ্যতলৈ সকীয়নি দিয়ে৷