ডিজিটাল ডেস্কঃ দুৰ্ব্যৱহাৰৰ চৰম পৰ্যায়ত উপনিত হ’ল ইণ্ডিগ’ এয়াৰলাইনৰ কৰ্মীৰ৷ সামান্য কিছু কথাৰ বাবে দিল্লী বিমানবন্দৰত এগৰাকী যাত্রীক যি ভাবে টনা-আঁজোৰা কৰি মাটিত বগৰাই লৈ গলত টিপি ধৰিল IndiGo-ৰ গ্রাউণ্ড ষ্টাফ, সেয়া ক্ষমাৰ অযোগ্য বুলিয়ে কব পাৰি।

স্বচক্ষে নেদেখিলে কোনেও বিশ্বাস নকৰিব সেই কাৰ্যক৷ কোনো ইণ্ডিগ’ৰ কৰ্মীয়েই সেই সমস্ত ঘটনা মোবাইলত আৱদ্ধ কৰি ছচিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগেই ভাইৰেল হোৱাৰ পিছতহে সকলোৱে এই বিষয়ে জ্ঞাত হয়৷ পিছত দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰে ইণ্ডিগ’ কৰ্তৃপক্ষই৷

আনহাতে, যি গৰাকী কৰ্মীয়ে এই সমস্ত ঘটনা মোবাইত তুলি ৰাখি ছচিয়েল মিডিয়াত আপলোড কৰিছিল সেই গৰাকী ব্যক্তিকেই চাকৰিৰ পৰা বৰ্খাস্ত কৰে এয়াৰলাইন কৰ্তৃপক্ষই। কিন্তু প্ৰকৃত দোষীৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিৰ ব্যৱস্থা নকৰিলে ইণ্ডিগ’ কৰ্তৃপক্ষই৷

ভিডিঅটো মঙলবাৰে হে ভাইৰেল হ’লেও ঘটনা সংঘটিত হয় বিগত ১৫ অক্টোবৰতে৷ চেন্নাইৰ পৰা দিল্লীলৈ উৰা মৰা ইণ্ডিগ’ৰ এখন বিমানৰ যাত্রী আছিল ৰাজীৱ কাটিৱাল। বিমান পৰা নমাৰ পিছতেই কোনো কাৰণত ইণ্ডিগ’ৰ গ্রাউণ্ড কর্মীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় যাত্রীগৰাকী। ইয়াৰ পিছত তেওঁ টার্মিনেল যোৱাৰ বাবে বাছত উঠিবলৈ লওতেই ইণ্ডিগ’ৰ দুই কর্মীয়ে তেওঁক বাধা দিয়ে। বাধা দিয়াৰ মাজতেই দুই কর্মীয়ে তেওঁক  ধৰি বগৰাই হেচাঁ মাৰি ধৰে।

ঘটনাস্থলিত উপস্থিত মন্টু কালৰা নামৰ ইণ্ডিগ’ৰ অন্য এগৰাকী কর্মীয়ে দুয়োজনকে প্রতিহত কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়৷ চছিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো মন্টু কালৰাৰে আবদ্ধ কৰিছিল। ভিডিঅ’ট ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়াত আপলোড কৰাত মন্টু কালৰাক বৰ্খাস্ত কৰে বিমান কর্তৃপক্ষই।