ডিজিটেল ডেস্কঃ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ দেশ ব্যস্ত হৈ থকাৰ সময়তে পঞ্জাৱৰ পৌৰসভা নিৰ্বাচনত ২৯খন আসনতে জয়লাভ কৰে কংগ্ৰেছে৷ দেওবাৰে পাতিয়ালা, অমৃতসৰ আৰু জলন্ধৰসহ পঞ্জাৱৰ পৌৰনিগম আৰু নগৰ পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷

উল্লেখ্য যে পৌৰসভা নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰে পাতিয়ালাত৷ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সমষ্টিত ভোটৰ হাৰ ৬২.২২ শতাংশ৷ আনহাতে জলন্ধৰত ৫৮ আৰু অমৃতসৰত ভোটৰ হাৰ ৫২ শতাংশ বুলি জানিব পৰা গৈছে৷ ২৯খন পৌৰসভা আৰু নগৰ পঞ্চায়তৰ আসনৰ ভিতৰত ২০খন আসনত জয় লাভ কৰে কংগ্ৰেছে৷

ৰাজ্যখনৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে জনোৱা মতে ৪১৪টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছ দলে জয় লাভ কৰিছে ২৬৭টা ৱাৰ্ডত, শিৰোমনি আকালি দলে ৩৭টা, বিজেপিয়ে ১৫টা, এএপিয়ে ১টা আৰু নিৰ্দলীয় প্ৰৰ্থীয়ে ৯৪টা ৱাৰ্ডত জয়ী হৈছে৷ জলন্ধৰৰ ৮০টা ৱাৰ্ডৰ ভিতৰত ৬৫টা ৱাৰ্ডেই কংগ্ৰেছৰ দখললৈ যায়৷

আনহাতে অমৃতসৰৰ ৮৫টা ৱাৰ্ডৰ ভিতৰত ৬৪টা ৱাৰ্ডেই দখল কৰিছে কংগ্ৰেছে৷ তদুপৰি পাতিয়ালাৰ ৬০টা ৱাৰ্ডৰ ৫৯টা ৱাৰ্ডতেই কংগ্ৰেছে জয়লাভ কৰে৷ ভোটৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সকলোকে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে৷