ডিজিটেল ডেস্কঃ অৱশেষত দোষ মুক্ত হ'ল ইউপিএ চৰকাৰৰ কালৰ দুই মন্ত্ৰী। দীৰ্ঘ দিনিয়া জল্পনা-কল্পনাৰ অন্তত ভাৰতবৰ্ষৰ ইতিহাসত বিয়াগোম কেলেংৰাকী ৰূপে চিহ্নিত হোৱা ২-জি স্পেকট্ৰাম কেলেংকাৰিত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী এ ৰাজা আৰু ডি এম কে নেত্ৰী এম কানিমোজি সহ সকলোকে চি বি আইৰ বিশেষ আদালতে দোষমুক্ত বুলি ঘোষণা কৰে। ন্যায়ালয়ৰ ঘোষণাৰ পিথতে নাটকীয়ভাবে ২-জি গোচৰৰ যৱনিকা পৰিল বৃহস্পতিবাৰে ৷
ইফালে বিশেষ আদালতৰ বিচাৰপতি অ পি চাইনিয়ে ৰায়দানত দি কয় যে, ২জি স্পেকট্ৰাম কেলেংকাৰিত অভিযুক্তসকলৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্রমাণ দাখিল কৰিবলৈ সক্ষম হোৱা নাই চিবিআইয়ে৷
উল্লেখ্য, এ ৰাজা আৰু কানিমোজি সহ ১৭ জনৰ বিৰুদ্ধে ২জি আৱন্টনৰ নামত ১ লাখ ৭৬ হাজাৰ কোটি টকাৰ দূৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল৷