ডিজিটেল ডেস্কঃ গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ কংগ্ৰেছ দলে ৭৭খন আসন লাভ কৰাৰ লগতে অন্যান্যই ৪ খন আসন লাভ কৰে৷ ২০১২ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ১১৫ খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল ৬১খন আসন৷ যিয়ে নহওঁক পুনৰ ২০১৭ চনৰ শেষ ভাগত গুজৰাটৰ শাসনৰ গাদী ষষ্ঠবাৰৰ বাবে দখল কৰিলে বিজেপিয়ে৷
২০১২ চনৰ বিধান সভা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে পূৰ্বৰ তুলনাত বেছি সমষ্টি কংগ্ৰেছৰ হাতলৈ আহে৷ ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছিল ভোট গণনা৷ পূৰ্বে নিধাৰণ কৰা অনুসৰি বিজেপিয়ে গুজৰাট দখল কৰিব বুলি কোৱা হৈছিল৷