ডিজিটেল ডেস্কঃ গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ কংগ্ৰেছ দলে ৭৭খন আসন লাভ কৰাৰ লগতে অন্যান্যই ৪ খন আসন লাভ কৰে৷ ২০১২ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ১১৫ খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল ৬১খন আসন৷ যিয়ে নহওঁক পুনৰ ২০১৭ চনৰ শেষ ভাগত গুজৰাটৰ শাসনৰ গাদী ষষ্ঠবাৰৰ বাবে দখল কৰিলে বিজেপিয়ে৷

২০১২ চনৰ বিধান সভা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে পূৰ্বৰ তুলনাত বেছি সমষ্টি কংগ্ৰেছৰ হাতলৈ আহে৷ ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছিল ভোট গণনা৷ পূৰ্বে নিধাৰণ কৰা অনুসৰি বিজেপিয়ে গুজৰাট দখল কৰিব বুলি কোৱা হৈছিল৷

সেই অনুসৰি বিজেপিয়ে গুজৰাট দখল কৰে৷ তথ্য অনুযায়ী চহৰ অঞ্চলত বিজেপিৰ দপদপনি অব্যাহত আছে যদিও গ্ৰাম্য অঞ্চলত কংগ্ৰেছে সৰ্বাধিক আসন তথা ভোট লাভ কৰে৷  ২০১৯ৰ লোকসভা নিৰ্বাচন গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছৰ বাবে আছিল ছেমিফাইনেল স্বৰূপ৷ বিজেপি আৰু কংগ্ৰেছ দলৰ সমীকৰণ সলনি কৰে এই নিৰ্বাচনৰ ফলাফলে৷

সকলোৱে আশা কৰাৰ বিপৰীতে গুজৰাটত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজখন হ’ল যদিও তৃতীয় বৃহৎ দলত পৰিণত হ’ল ‘NOTA’ অৰ্থাৎ ইভিএমৰ ‘NOTA’ বুটাম৷ এনেদৰে ‘NOTA’ এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে৷ তথ্য অনুসৰি, ‘NOTA’ত অধিক হাৰত বুটাম টিপে গুজৰাটৰ ভোটাৰে৷ গুজৰাটৰ হাই-প্ৰফাইল সমষ্টি পোৰবন্দৰত সকলোতকৈ বেছি লোকে ‘NOTA’ ব্যৱহাৰ কৰে৷ পোৰবন্দৰত কংগ্ৰেছ প্ৰাৰ্থী অৰ্জুনভাই মোধৱাডিয়াক ১৮৫৫ ভোটত পৰাজিত কৰি জয়ী হয় বিজেপি প্ৰাৰ্থী বাবুভাই বোখিৰিয়া৷

আশ্চৰ্যজনক বিষয় এই যে সমষ্টিটোত ‘NOTA’ত বুটাম টিপে ৩৪৩৩ গৰাকী লোকে৷ সমগ্ৰ ৰাজ্যত এইবাৰৰ নিৰ্বাচনত মুঠ ৫.৫ লাখ ভোটাৰে ‘NOTA’ক বাছনি কৰাৰ লগে লগে শতাংশৰ বিচাৰত ‘NOTA’ক বাছনি কৰিছে ১.৮ শতাংশ লোকে৷ ৰাজ্যখনত বিজেপি, কংগ্ৰেছৰ পিছৰ স্থানতে আছে ‘NOTA’৷ নিৰ্বাচনৰ পূৰ্বে একাংশ ভোটাৰে বিজেপিৰ কাম-কাজক লৈ ক্ষুদ্ধ হৈ পৰিছিল৷

তাৰে প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰিছে ইভিএমত৷ এই ১.৮ শতাংশ ভোটাৰে কিন্তু কংগ্ৰেছ দলকো ভোটদান কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে৷ ভোটাৰে বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰাৰ লগতে কংগ্ৰেছকো যোগ্য বিকল্প হিচাপে মানি ল'ব নোৱৰা বাবেই  ‘NOTA’ ব্যৱহাৰ কৰা বুলি চৰ্চা হৈছে৷ উল্লেখ্য যে, ২০১৩ চনত প্ৰথম বাৰৰ বাবে আৰম্ভ হৈছিল ‘NOTA’৷

ইয়াৰ পূৰ্বে চাৰিটা নিৰ্বাচনত ১.৮ শতাংশৰো অধিক ভোট পৰিছিল ‘NOTA’ত৷ তাৰে মাজত ২০১৫ চনত বিহাৰ নিৰ্বাচনত ৩.৫ শতাংশ ভোটাৰে ‘NOTA’ ত ভোটদান কৰিছিল৷ ২০১৩ চনত ছত্তিছগড়ত ৩.১ শতাংশ, মধ্যপ্ৰদেশত ১.৯ শতাংশ আৰু ৰাজস্থানত ১.৯ শতাংশ ৰাইজেই ‘NOTA’ক বাছি লৈছিল৷ আনকি ২০১৪ চনৰ সাধাৰন নিৰ্বাচনতো গুজৰাটৰ ১.৮ শতাংশ ভোটাৰ ৰাইজে ‘NOTA’ক বাছি লৈছিল৷