কোকৰাঝাৰঃ কোকৰাঝাৰৰ বিদ্যালয়সমুহৰ উপ-পৰিদৰ্শক তথা পূৰ্বৰ চিৰাং জিলাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰাজনাথ বসুমতাৰীৰ বিৰুদ্ধে এটা ন্যস্ত স্বাৰ্থ জড়িত চক্ৰই অপপ্ৰচাৰ আৰু অপযশ দিয়াক কেন্দ্ৰ কৰি কোকৰাঝাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যোৱা ৮ জুনৰ একাংশ বাতৰি কাকতত উপ-পৰিদৰ্শক ৰাজনাথ বসুমতাৰী ডাষ্টবিন যোগানৰ দুৰ্নীতিত লিপ্ত বুলি প্ৰকাশিত হোৱাৰ পিছত আজি তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত ডাষ্টবিন বিতৰণ নকৰি টকা আত্মসাৎ কৰা বুলি ওলোৱা বাতৰিক ভিত্তিহীন বুলি আখ্যা দি ন্যস্তস্বাৰ্থ জড়িত চক্ৰই সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰা বুলি অভিযোগ কৰে বসুমতাৰীয়ে।
তেওঁ কয় যে ২০১৬ চনৰ ১৯ ফেব্ৰুৱাৰীত বিটিচিৰ নিৰ্দেশনা অনুসৰি বিটিচিৰ শিক্ষা সঞ্চালকে (আদেশ নং ডিই /বিটিচি/ একাউণ্টছ ২১৩/ডাষ্টবিন ২০১৬/২২) বড়োবাজাৰ শিক্ষাখণ্ডৰ ২৪০ খন প্ৰাথমিক আৰু ৪৪ খন মজলীয়া বিদ্যালয়ত দুটাকৈ ডাষ্টবিন বিতৰণৰ দায়িত্ব সংশ্লিষ্ট শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াৰ ওপৰত ন্যস্ত কৰিছিল।
সেইমতে বড়োবাজাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ২৮৪খন বিদ্যালয়ত দুটাকৈ ডাষ্টবিন বিতৰণ কৰিব লাগিছিল যদিও শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয় সমুহক স্বচ্ছ ভাৰত মিচনৰ আওতাত অনাৰ স্বাৰ্থতে ৩৪২ খন বিদ্যালয়ত ডাষ্টবিনসমুহ বিতৰণ কৰে, অৰ্থাৎ চৰকাৰী নিৰ্দেশনাতকৈ ৫৮ খন অধিক বিদ্যালয়ক সাঙুৰি লয়।
যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য তেনে বিদ্যালয়ত এটাকৈ ডাষ্টবিন যোগান ধৰি আন বিদ্যালয়কো সাঙুৰি লোৱা শিক্ষা বিষয়া গৰাকীৰ কৰ্ম উদ্যামক সম্পূৰ্ণ ভেঙুচালি কৰি ন্যস্তস্বাৰ্থ চক্ৰই অপযশ দিয়া ঘটনাক কোকৰাঝাৰৰ শিক্ষাপ্ৰেমীয়ে গৰিহণা দিছে। ডাষ্টবিন বিতৰণৰ সম্পূৰ্ণ ব্যৱহাৰিক প্ৰমাণ পত্ৰও ইতিমধ্যে সঞ্চালকৰ কাৰ্যালয়ত জমা দিয়া হৈছে বুলি সদৰী কৰিছে বিদ্যালয় উপ-পৰিদৰ্শক ৰাজনাথ বসুমতাৰী।