গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগক লৈ একাংশ দল-সংগঠন তথা ব্যক্তিয়ে জনতাক পনবন্দী কৰাৰ অভিসন্ধি ৰচনা কৰিছে। এনআৰচিৰ উন্নীতকৰণত বিধি-পথালি দিয়াৰ অপচেষ্টা কৰিছে।ৰাজ্যত উদ্ভৱ হোৱা এনে পৰিস্থিতি অতি দুৰ্ভাগ্যজনক। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসমীয়া মুছলমান কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া যুৱ পৰিষদে৷
এনআৰচিক খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ আখ্যা দি ৰাজ্যৰ উজনি-নামনিৰ প্ৰায় ৪২ লাখ খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ শংকিত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে শংকাৰ কোনো কাৰণ নাই বুলি মত ব্যক্ত কৰে অসমীয়া মুছলমান কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া যুৱ পৰিষদে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওলোকক প্ৰকৃত নাগৰিকৰ মৰ্যদা দিয়া হ’ব নে নাই তাক লৈ শংকিত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ মাজতে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠন দুটাই শংকিত হৈ পৰাৰ কোনো কাৰণ নাই বুলি কয়৷
আনহাতে সংগঠনকেইটাই এখন বিদেশীমুক্ত অসমৰ স্বাৰ্থত এনআৰচি মহামান্য উচ্চতম ন্যায়লয়ে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰকাশ হ’ব লাগিব বুলিও কয়৷ অসমৰ ইছলামধৰ্মী সংগঠন কেইটাই ইতিমধ্যে ইছলামধৰ্মী খিলঞ্জীয়াৰ নথি-পত্ৰৰ ভিত্তিত এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা বুলি কয় সংবাদমেল যোগে৷ এন আৰ চি য়ে গৰিয়া, মৰিয়া, বড়ো, কছাৰী, কাৰ্বি, ডিমাছা আদি জাতি জনগোষ্ঠীৰ পৰিচয় প্ৰদান নকৰে। ই হৈছে অসমত বসবাস কৰা বৈধ নাগৰিকক প্ৰদান কৰিবলগীয়া ৰাষ্ট্ৰীয় স্বীকৃতি।
৭১ৰ পূৰ্বৰে পৰা অসমত বসবাসৰ নিৰ্ধাৰিত প্ৰমাণ লিগেচি ডাটা দাখিল কৰা ব্যক্তিমাত্ৰে এন আৰ চি পোৱাটো নিশ্চিত। এন আৰ চিত খিলঞ্জীয়া মুছলমানক প্ৰকৃত বাসিন্দা বুলি স্বীকৃতি বাধ্যতামূলক নহয়। (Original Inhabitant) বিহীন এন আৰ চিয়ে খিলঞ্জীয়া মুছলমানৰ অধিকাৰ তিলমাত্ৰও খৰ্ব কৰিব নোৱাৰে। সংবাদমেল উপস্থিত থাকি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি ৰহমছা আলী, সম্পাদক ফাইজুল হক, সদৌ অসম গৰিয়া যুৱ পৰিষদৰ সভাপতি আব্দুল হামিদ, সম্পাদক মজিবুৰ ৰহমান আৰু লগতে কেইবাগৰাকী নেতাই মহামান্য উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰা এন অাৰ চি খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যখনৰ সংখ্যালঘু লোকৰ মাজত ভয়, শংকা, সন্দেহ, বিদ্বেষ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে একাংশ লোকে চেষ্টা কৰা বুলি কয়৷
সুযোগ বুজি কিছু দল সংগঠন, ৰাজনৈতিক দল আৰু ব্যক্তিয়ে জনতাক পনবন্দী কৰাৰ অভিসন্ধি ৰচনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে সংগঠন দুটাই। সংগঠন দুটাৰ নেতৃত্বই কয় "এন আৰ চি উন্নীতকৰণত বিধি পথালি দিয়াৰ অপচেষ্টা কৰিছে। সম্প্ৰতি ৰাজ্যত উদ্ভ হোৱা এনেবোৰ পৰিস্থিতি অতি দুৰ্ভাগ্যজনক। এন আৰ চিয়ে অসমবাসীক দ্বি-গৰিকত্বও প্ৰদান নকৰে।
এনআৰচিয়ে গৰিয়া, মৰিয়া, বড়ো, কছাৰী, কাৰ্বি, ডিমাছা আদি জাতি জনগোষ্ঠীৰ পৰিচয় প্ৰদান নকৰে। ই হৈছে অসমত বসবাস কৰা বৈধ নাগৰিকক প্ৰদান কৰিবলগীয়া ৰাষ্ট্ৰীয় স্বীকৃতি। ৭১ৰ পূৰ্বৰে পৰা অসমত বসবাসৰ নিৰ্ধাৰিত প্ৰমাণ লিগেচি ডাটা দাখিল কৰা ব্যক্তিমাত্ৰে এন আৰ চি পোৱাটো নিশ্চিত। এন আৰ চিত খিলঞ্জীয়া মুছলমানক প্ৰকৃত বাসিন্দা (OI) বুলি স্বীকৃতি বাধ্যতামূলক নহয়। OI বিহীন এন আৰ চি য়ে খিলঞ্জীয়া মুছলমানৰ অধিকাৰ তিলমাত্ৰও খৰ্ব কৰিব নোৱাৰে। একাংশ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনে মহানগৰীত সভা কৰি (Original Inhabitant) লাগে বুলি দাবী কৰাৰ সময়তে অসমীয়া মুছলমান কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া যুৱ পৰিষদে বাধ্যতামুলক নহয় বুলি কোৱা কথাষাৰে তাৎপৰ্যবহন কৰিছে৷