newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেত এটি এবছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ সমগ্ৰ দেশত শিশু ধৰ্ষণৰ কাণ্ডই তোলপাৰ লগাই থকা সময়তে পুনেৰ কলভোৰ অঞ্চলত সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীৰ তদন্তত কণমানি শিশুটিক হত্যা কৰাৰ পূৰ্বে ধৰ্ষণ কৰা বুলি জানিব পৰা গৈছে৷ ঘটনাৰ অভিযোগত আৰক্ষীয়ে  ইতিমধ্যে এজন ২২ বছৰীয়া যুৱকক আটক কৰে৷ 

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নিশা মলহাৰী বনসৌদ নামৰ এজন যুৱকে লোনী কলভোৰত পিতৃ-মাতৃৰ সৈতে শুই থকা অৱস্থাৰ পৰা শিশুটিক অপহৰণ কৰে৷ শিশুটিৰ পৰিয়ালৰ প্ৰকৃত ঘৰ তামিলনাডুত যদিও পুনেত তেওঁলোকে অস্থায়ী ভাৱে বাস কৰি শ্ৰমিক হিচাপে কাম কৰে৷

লোনী কলভোৰ থানাৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শুকুৰবাৰে নিশা পৰিয়ালটোৱে যেতিয়া টোপনিৰ পৰা সাৰ পাই তেতিয়া শিশুটিক নেদেখাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিয়ালৰ লোকে ইফালে সিফালে বিচাৰ খোচাৰ কৰিও কণমানি শিশুটিক বিচাৰি নাপায় অৱশেষত আৰক্ষী থানাত শিশুটিৰ অপহৰণ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে তদন্ত চলাই শনিবাৰে ওচৰৰ অঞ্চলৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে শিশুটিৰ মৰোণোত্তৰ পৰীক্ষাৰ দ্বাৰা শিশুটিক হত্যাৰ পূৰ্বে ধৰ্ষণ কৰা বুলি স্পষ্ট হয়৷ 

আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই এলেকাটোৰ কেইবাটাও চিচিটিভি ফুটেজ পৰীক্ষা কৰি এজন লোকে শিশুটিক লৈ যোৱা বুলি নিশ্চিত হয়৷ ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই মলহাৰী বনসৌদ নামৰ ধৃত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়৷