newsnextone.com | গুৱাহাটীঃ পৰিবহণৰ ক্ষেত্ৰখনত নতুন ইতিহাস সৃষ্টি কৰি কেইগৰাকীমান অসমীয়া যুৱকৰ প্ৰচেষ্টাত বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত সেৱা আৰম্ভ কৰিলে ‘লা-কেৱ’-এ৷ মঙলবাৰে এই সেৱাৰ শুভৰাম্ভ কৰে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া নন্দন সিঙে৷ আৰক্ষী বিষয়া নন্দন সিঙে সেৱা মুকলি কৰি ইয়াৰ দ্বাৰা থলুৱা যুৱকৰ কৰ্মসংস্থাপন মুকলি হ’ব বুলি কয়৷ আনহাতে মহানগৰীৰ যান-জোঁটৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ আইন মানি চলিব লাগিব বুলি কয়৷

আনহাতে এই প্ৰতিষ্ঠানৰ গুৰি ধৰোতা সঞ্জীৱ দৈমাৰি এই সেৱাৰ পৰা কোনো ব্যৱসায়ৰ কথা ভবা নাই বুলি কৈ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰা বুলি কয়৷ চালৰ সকলৰ স্বাস্থ্য বীমা কৰাৰ লগতে বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে দৈমাৰিয়ে৷ 

আনহাতে সদৈ গুৱাহাটী কেৱ চালক সন্থাৰ সভাপতি ইব্ৰাহীম আলীয়ে সকলো চালকক লা-কেৱৰ সৈতে জৰিত হ’বলৈ আহ্বান জনায়৷ থুলৱা যুৱকৰ অনুষ্ঠান আখ্যা দি পৰিয়ালৰ আৰু নিজৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থক লা-কেৱৰ সৈতে জৰিত হ’বলৈ আহ্বান জনাই ইব্ৰাহীম আলীয়ে৷

গুৱাহাটীত ৰাজপথত বুধবাৰৰ পৰা চলে ‘লা-কেৱ’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ ‘লা-কেৱ’ সেৱা আৰম্ভ কৰে কেইগৰাকীমান অসমীয়া যুৱকে৷

নিৰ্দিষ্ট এপ যোগে বুকিং কৰিব পৰাৰ সুবিধা উপলব্ধ হ’ব ‘লা-কেৱ’ সেৱাত। এদল অসমীয়া যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘লা-কেৱ’ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পিছতে ৰাজপথত দৌৰিব আৰম্ভ কৰিছে লা-কেৱৰ গাড়ী৷

উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ পৰা গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ দৈমাৰিয়ে ‘লা-কেৱ’ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে৷ আনু্ষ্ঠানিকভাৱে মুকলি কৰা এই সেৱাৰ সৈতে জৰিত আটাইকেইজন যুৱক অসমীয়া। 

মহানগৰবাসীয়ে যি ধৰণে বিচাৰে সেই ধৰণে সেৱা আগবঢ়াবলৈ ‘লা-কেৱ’ প্ৰতিশ্ৰুতিৱদ্ধ বুলি কৈ অসমৰ মাটিত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে।

মহানগৰীৰ চাৰিচকীয়া বাহনৰ মালিকে গাড়ী দি অৰ্থ উপাৰ্জন কৰিবলৈ ৮০১১৪৮৭৭৭৭ মোবাইল নম্বৰত যোগাযোগা কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে৷ গাড়ীৰ মালিকক ১৫ শতাংশ কমিছন, চালকৰ ইএছআই আৰু পিএফ, স্বাস্থ্য বীমা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে৷