ডিজিটেল ডেস্কঃ ধৰা পৰিছে জেহাদৰ দিশে ঢাল খাই বিপথগামী হোৱা যুৱক-যুৱতী। পাৰ চৰাইৰ দৰে সৰ্বত্ৰ নিৰীক্ষণ কৰি বিপথগামীক চিনাক্ত কৰিছে কেৰালাৰ আৰক্ষীয়ে।
আইছিছত শতাধিক উদীয়মানে যোগ দিয়াৰ পিছত ৰাজ্যখনত আৰক্ষীয়ে চলাইছে অপাৰেছন পিজন। জনতাৰ সহযোগিতাত আৰম্ভ কৰা অভিযান বহুলাংশে সফল।
আইছিছৰ হটস্পট কেৰালাৰ কাছৰগড় জিলাত ধৰা পৰিছে জেহাদৰ প্ৰতি আগ্ৰহী ১১৮ যুৱক। একেদৰে কন্নুৰৰ ৮৯ জনক আইছিছত যোগ দিয়াৰ প্ৰস্তুতিৰ সময়ত চিনাক্ত কৰা হৈছে। মলপ্পুৰমত সন্ধান ওলাইছে ৬৬ জনৰ।
অপাৰেছন পিজনৰ সময়ত গাঁৱৰ অভ্যন্তৰ ভ্ৰমণ কৰি উদীয়মানৰ মনৰ বুজ লৈছে চোৰাংচোৱাই। একেদৰে মছজিদতো আৰক্ষীক প্ৰৱেশৰ অনুমতি দিছে গঞাই।
ধৰা পৰা উদীয়মানৰ ভিতৰত নাই এগৰাকীও যুৱতী। আনহাতে আইছিছত যোগদানৰ প্ৰস্তুতি চলোৱা প্ৰতিজন যুৱতেই শিক্ষিত। বহুকেইজন আকৌ উচ্চ ডিগ্ৰীধাৰী।