ডিজিটেল ডেস্কঃ একেৰাহে তৃতীয় দিনাও পাকিস্তানৰ সেনাই জম্মু-কাশ্মীৰৰ ৰজৌৰি জিলাত যুদ্ধবিৰতি ভংগ কৰি মৰ্টাৰ বম্ব, সৰু আৰু অটোমেটিক বোমাৰে আক্ৰমণ চলায়। সেনাৰ পোষ্টক উদ্দেশ্যি চলোৱা এই আক্ৰমণকে ধৰি জুন মাহত মুঠ ২৩ বাৰ যুদ্ধবিৰতি ভংগ কৰিছে পাক সেনাই। 

শুকুৰবাৰে পুৱাৰ ভাগত পাক সেনাই ভাৰতৰ ফালৰপৰা কোনোধৰণৰ প্ৰৰোচনা নোহোৱাকৈ নিয়ন্ত্ৰণ ৰেখাৰ ভিমভেৰ গলি এলেকাত নিৰ্বিচাৰে গুলিবৰ্ষণ কৰে। 

ভাৰতীয় সেনাও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। উল্লেখ্য যে মঙলবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ এলেকাত পাক সেনাৰ গুলিত দুজনকৈ ভাৰতীয় জোৱান আহত হৈছিল।