মাৰাথান প্ৰচাৰত অগ্ৰগতি কংগ্ৰেছৰ 
অগপ-বিজেপিৰ বতাহে চুব পৰা নাই ভোটাৰক

নগাঁওঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমুহ আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে নগাঁও জিলাৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৭ নং পাখিমৰীয়া জিলা পৰিষদতো বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ অনুকুলে নিৰ্বাচনী বতাহ বোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ আসনখন দখল কৰিবলৈ সমুখ সমৰত নামিছে কংগ্ৰেছৰ দিপীকা শইকীয়া, বিজেপিৰ সংগীতা ভূঁঞা আৰু অগপৰ মন্দিৰা কৌৰে। ইতিমধ্যে ৰাজহুৱা সভা-সমিতিকে ধৰি ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰকাৰ্যত অগ্ৰণী ৰূপত অৱস্থান কৰা কংগ্ৰেছৰ প্ৰাৰ্থী দিপীকা শইকীয়াই নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে। 

কংগ্ৰেছৰ এগৰাকী সক্ৰিয় নেত্ৰীৰ হোৱাৰ লগতে উদাৰমনা, সবল ব্যক্তিত্বৰ অধিকাৰী দিপীকা শইকীয়াৰ এক বিশেষ পৰিচয় আছে পাখিমৰীয়া জিলা পৰিষদৰ অঞ্চলসমূহত। বিগত কেইবামাহ ধৰি সমষ্টিটোৰ চুকে-কোণে দৈনিক দহৰ পৰা পোন্ধৰখনলৈকে সৰু-বৰ সভাত অংশ লৈ ভোটাৰ ৰাইজৰ সঁহাৰি বুটলিবলৈ সক্ষম হৈছে দিপীকা শইকীয়া। 

আনহাতে, বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী সংগীতা ভূঁঞাইও সমষ্টিটোত প্ৰচাৰকাৰ্য তীব্ৰতাৰে চলাই আছে। জাতীয় আৱেগ ঢালি অগপই ভোটাৰৰ মন জয়ৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সমষ্টিটোত অগপ প্ৰাৰ্থীগৰাকীৰ স্থিতি সবল হোৱা পৰিলক্ষিত হোৱা নাই। 

এতিয়ালৈকে পৰিলক্ষিত হোৱা নিৰ্বাচনী প্ৰতিচ্ছবিখনত জিলা পৰিষদৰ আসনখনৰ বাবে মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ'ব বুলি অনুমান কৰা হৈছে।উল্লেখ্য যে, দক্ষিণপাট, ডাকৰঘাট, দেওধৰ, পাখিমৰীয়া আৰু তুলসী-দেউৰী এই পাঁচটা পঞ্চায়তৰে গঠিত পাখিমৰীয়া জিলা পৰিষদ সমষ্টিটোৰ ৫০ সহস্ৰাধিক ভোটাৰে কাক নিৰ্বাচন কৰে সেয়া অহা ১২ ডিচেম্বৰত ওলাই পৰিব।