ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰ সংঘৰ মজিয়াত ভাৰতৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে পাকিস্তানৰ প্ৰধানমন্ত্ৰী চাহিদ খাকান আব্বাচীৰ সন্মুখতে পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদান কৰা ভাষণে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে পাকিস্তানে সকলো সীমা অতিক্ৰম কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী আখ্যা দিয়ে৷
যোৱা ২৩ ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ দি সুষমা স্বৰাজে সমগ্ৰ বিশ্বজুৰি ভাৰতৰ পৰিচয় এতিয়া আই টি আৰু ছুপাৰ পাৱাৰ সম্পন্ন দেশ হিচাপে জানে বুলি কয়৷ তাৰ বিপৰীতে সমগ্ৰ বিশ্বই এতিয়াও পাকিস্তানক সন্ত্ৰাসবাদীৰ দেশ হিচাপেহে গণ্য কৰে বুলি কৈছিল৷ কেৱল ইমানে নহয় ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰদান কৰা ভাষণত সুষমাই কৈছিল ‘‘ভাৰতে এইমছৰ দৰে হস্পিতাল নিৰ্মাণ কৰিছে৷ কিন্তু পাকিস্তানে কি নিৰ্মাণ কৰিছে? পাকিস্তানে লস্কৰ-ঈ-তৈবা নিৰ্মাণ কৰিছে, জৈছ-ঈ-মহম্মদৰ দৰে সন্ত্ৰাসবাদী নিৰ্মাণ কৰিছে৷ পাকিস্তানে সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মাণ কৰিছে’’৷
খোদ পাকিস্তানী প্ৰধানমন্ত্ৰীৰ সন্মুখতে সুষমাই এনেদৰে ভাষণেৰে আক্ৰমণ কৰে৷ ৰাষ্ট্ৰ সংঘৰ মজিয়াত দুয়ো দেশৰ প্ৰতিনিধিৰ মাজত ভাষণৰ জৰিয়তে আক্ৰমণ-প্ৰত্যাক্ৰমণ হয়৷ কিন্তু পাকিস্তানে এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে৷
এটি সাক্ষাতকাৰত পাকিস্তানৰ বিদেশমন্ত্ৰী খাজা মহম্মদ আছিফে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্ত্ৰাসবাদী আখ্যা দিয়ে৷ পাকিস্তানৰ জিঅ’ নিউজ চেনেলৰ হামিদ মিৰ নামৰ সাংবাদিকগৰাকীৰ সন্মুখত সন্ত্ৰাসবাদী আখ্যা দিয়ে মোডীক৷ বিদেশমন্ত্ৰী খাজাই কয় "সুষমা স্বৰাজে আমাৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ তেওলোকৰ প্ৰধানমন্ত্ৰী নিজেই এজন সন্ত্ৰাসবাদী৷ ২০০২ চনত গুজৰাটত মুছলিমক হত্যা কৰিছে মোডীয়ে৷ তেওঁৰ হাতত তেজ লাগি আছে"৷
ইমানে নহয় খাজাই আৰআৰএছক লক্ষ্য কৰি কয় তেওঁলোকৰ শাসক দল এটি সন্ত্ৰাসবাদী সংগঠন৷ এই মন্তব্য প্ৰচাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত৷ একাংশ লোকে ৰাষ্ট্ৰসংঘৰ মজিয়াত সুষমাৰ মন্তব্যত অপমাণিত হৈ পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে এই মন্তব্য কৰা বুলি কয়৷ সমালোচনা কৰিবলৈ গৈ এগৰাকী ৰাষ্ট্ৰ প্ৰধানৰ বিৰুদ্ধে এই মন্তব্য কৰাটো কিমান সমীচিন সেয়া সময়েহে কব৷ দিল্লীয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰয়া প্ৰকাশ কৰা নাই৷
স্মৰ্তব্য যে, ৰাষ্ট্ৰ সংঘৰ মজিয়াত সুষমা স্বৰাজে পাকিস্তানে হিজবুল মুজাহিদিন আৰু সন্ত্ৰাসবাদী কেম্প নিৰ্মাণ কৰিছে বুলি কয়৷ তেওঁ লগতে কয় যে ভাৰতে বৈজ্ঞানিক, ইঞ্জিনীয়াৰ আদিৰ জন্ম দিছে৷ আনহাতে পাকিস্তানে জন্ম দিছে সন্ত্ৰাসবাদীৰ৷ ‘‘ডাক্তৰে ৰুগীয়া লোকক বেমাৰৰ পৰা বচায়, কিন্তু জেহাদীয়ে জীৱিত ব্যক্তিক হত্যা কৰে৷ আপোনালোকে জন্ম দিয়া জেহাদীয়ে কেৱল ভাৰতৰে নিৰীহ লোকক হত্যা কৰা নাই, আমাৰ ওচৰ চুবুৰীয়া বাংলাদেশ আৰু আফগানিস্তানৰো নিৰীহ লোকক হত্যা কৰি আছে’’৷
‘‘আমিতো দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজি আছো, কিন্তু আমাৰ কাষৰীয়া দেশ পাকিস্তানে আমাৰ বিৰুদ্ধে যুঁজ কৰাত ব্যস্ত৷ সেইদিনা এই মঞ্চতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী চাহিদ খাকান আব্বাচীয়ে ভাৰতৰ ওপৰত কেইবাটাও অভিযোগ উত্থাপন কৰিছিল৷ আমাক ষ্টেট স্পন্সৰ সন্ত্ৰাস বিয়পোৱা বুলি অভিযোগ কৰাৰ লগতে পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাক মানৱ অধিকাৰ উলংঘন কৰা বুলিও দোষাৰোপ কৰিছিল৷ যি সময়ত তেওঁ ভাৰতৰ ওপৰত দোষাৰোপ কৰি আছিল সেই সময়ত তেওঁৰ ভাষণ যি সকলে শুনি আছিল, তেওঁলোকেই কৈছিল-লুক হু ইজ টকিং৷ যিখন দেশে চয়তানৰ সকলো সীমা পাৰ কৰি হেজাৰ হেজাৰ লোকৰ প্ৰাণ লৈ আহিছে, সেইখন দেশেই এতিয়া ভাৰতক অহিংসাৰ পাঠ পঢ়ুৱাইছে আৰু মানৱ অধিকাৰৰ শিক্ষা দিব বিচাৰিছে।’’-বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ভাষণৰ মাজত এনেদৰে উপহাস কৰে৷