ডিজিটেল ডেস্কঃ প্ৰশিক্ষণৰত পাইলটৰ হাতত বিমানৰ দায়িত্ব গতাই নিহপালি দি শোৱা ঘটনাই আন্তৰাষ্ট্ৰীয় মহলত খলকনি তোলাৰ পিছতে পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনচৰ বিষয়ে পুনৰাই লজ্জাজনক বাতৰি প্ৰচাৰ হৈছে।

ডেইলি পাকিস্তান নামৰ বাতৰি কাকতখনত প্ৰকাশ পোৱামতে এগৰাকী চীনা মহিলাৰ সৈতে সময় কটোৱাৰ বাবে এগৰাকী জেষ্ঠ পাইলটে ককপিটৰপৰা আটাইকেইজন ক্ৰীউ মেম্বাৰক উলিয়াই দিয়ে।

সোমবাৰে টকিঅ’ৰপৰা বেইজিং অভিমুখি পিআইএ ফ্লাইট পিকে-৮৫৩ খনে টেক অফ আৰু লেণ্ড কৰাৰ সময়তে চীনা মহিলা এগৰাকীক ককপিটৰ ভিতৰলৈ মাতে আৰু ক্ৰীউসকলক ওলাই যাবলৈ কয়।

ককপিটত ক্ৰীউ মেম্বাৰৰ বাদে আন কোনো সোমোৱাৰ অনুমতি নথকা স্বত্বেও এনেদৰে মহিলাগৰাকীৰ প্ৰৱেশক লৈ পিআইএ সমালোচিত হৈছে।

উল্লেখ্য যে ১১ মেৰপৰা মুম্বাই আৰু কৰাচীৰ মাজৰ বিমানসেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে এয়াৰলাইন সংস্থাটোৱে।