newsnextone.com | গুৱাহাটীঃ তাহানিতে কোৱা হৈছিল ‘মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান’৷ এই আপ্ত বাক্য শাৰীৰ সৈতে আৰু এটা কথা সংযোগ কৰিব পাৰি৷ মাকৰ ঘৰত জীয়ৰী বাঢ়ি অহাৰ দৰে মানুহৰ মূৰৰ চুলিও প্ৰতিদিনে বাঢ়ি আহে৷ চুলি বাঢ়ি অহাৰ লগে লগে পুৰুষ-মহিলাই ব্যতিক্ৰমকৈ হেয়াৰ ষ্টাইল কৰিবলৈ আৰম্ভ কৰে৷ এয়া হৈছে যুৱক-যুৱতী-ডেকাৰ স্বাধীনতা৷ কোনে কেনে ধৰণে হেয়াৰ ষ্টাইল কৰিব সেয়া নিজা বিষয়৷ এই ক্ষেত্ৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে৷

কিন্তু ৰাজ্যৰ এখন বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে শ্ৰেণীকোঠাত ছাত্ৰক জোৰ জুলুমকৈ চুলি কাটি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰায় ২০ গৰাকী ছাত্ৰক এগৰাকী শিক্ষকে চুলি কাটি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ পলাশবাৰীত৷ পাঠদানত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সকলো সময়তে ছাত্ৰ-ছাত্ৰীক ককৰ্থনা কৰি অহা এগৰাকী শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷ 

ছাত্ৰ-ছাত্ৰীক শাসন কৰাৰ নামত অনাহকত হাৰাশাস্তি কৰি অহা শিক্ষকগৰাকীয়ে ২০গৰাকীকৈ ছাত্ৰৰ চুলি কাটি পুনৰ বিতৰ্কিৰ মাজত সোমাই পৰিছে৷ শিক্ষকগৰাকীয়ে এইবাৰ সকলো সীমা অতিক্ৰম কৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়াৰ এদিন পূৰ্বে কামৰূপ জিলাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজহচক্ৰৰ পলাশবাৰীত সংঘটিত হৈছে এই ঘটনা৷ ১৯৬০ চনতে স্থাপিত ঐতিহ্যমণ্ডিত আগচীয়াস্থিত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে৷ 

দীনেশ শৰ্মা নামৰ বিজ্ঞানৰ শিক্ষকগৰাকীয়ে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে, ২৪ মে’ৰ পুৱা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়খনলৈ আহিছিল৷ তাৰ পিছতে আৰম্ভ হৈছিল পাঠদান৷ প্ৰতিটো কোঠাত পাঠদান চলি থকাৰ সময়তে দীনেশ শৰ্মা নামৰ শিক্ষকগৰাকীয়ে আন শিক্ষকে পাঠদান কৰি থকাৰ সময়তে প্ৰতিটো শ্ৰেণীকোঠাত সোমাই প্ৰথমে ছাত্ৰ-ছাত্ৰীক অভব্য আচৰণ কৰে৷ 

তাৰ পিছতে সমীপৰ দোকানৰ পৰা এখন কেচি কিনি আনি এটাৰ পিছত এটা শ্ৰেণীকোঠাত সোমাই আৰু শ্ৰেণী কোঠাৰ ভিতৰতে গবা মাৰি ধৰি প্ৰতিটো ক্লাছৰে ৪-৫জনকৈ ছাত্ৰৰ মূৰত যেনেকৈ ইচ্ছা তেনেকৈ কেচি চলাই দিয়ে৷ ফলত বিদ্যালয় খনত এক অবাঞ্চিত পৰিস্থিতৰ সৃষ্টি হয়৷ ছাত্ৰক শ্ৰেণী কোঠাৰ ভিতৰতে চুলি কাটি দিয়াৰ ঘটনাৰ পিছতে বিদ্যালয় ছুটি দিয়ে৷ ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ গৈ কন্দা কটা কৰিবলৈ ধৰে আৰু বহু ছাত্ৰই স্কুললৈ পুনৰ নহাৰ সিদ্ধান্ত লয়৷ 

ফলত অভিভাৱক উত্তেজিত হৈ পৰে৷ ২৫ মে’ত বহু অভিভাৱকে বিদ্যালয়লৈ আহি প্ৰধান শিক্ষয়িত্ৰী ৰূপালী দেৱীক অভিযোগ দাখিল কৰে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ একাংশ অভিভাৱকে এই ঘটনাক সহজে লব পৰা নাই আৰু সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷ শংকিত বহু ছাত্ৰই বিদ্যালয় বুলিলে এতিয়া ভয়ত সময় পাৰ কৰিব ধৰিছে৷ 

গবা মাৰি ধৰি চুলি কাটি দিয়াৰ দৃশ্যই শংকিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীক৷ এই ঘটনাক শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যক হস্তক্ষেপ কৰাৰ দাবী জনাইছে একাংশ সচেতন লোকে৷ আনহাতে কামৰূপ জিলাৰ উপায়ুক্তক শীঘ্ৰে ঘটনাৰ তদন্ত কৰি শিক্ষক দীনেশ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ newsnextone.com-এ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ স্কুল খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু শিক্ষক দীনেশ শৰ্মাৰ সৈতে যোগাযোগাৰ চেষ্টা কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল৷