ডিজিটেল ডেস্কঃ অফিচ কাছাৰীৰ দৰে দেওবাৰে বন্ধ থাকিব পেট্ৰল পাম্প৷ পুৱা ৯ বজাৰ পৰা গধুলি ৬ বজালৈকেহে খোলা ৰখা হ’ব পেট্ৰল পাম্প৷ এনে এক কৰ্মৰ সময় তালিকাৰ সৈতে "উইকলি অফ ডে" পালন কৰাৰ সিদ্ধান্তৰেই সকলোকে বিপাঙত পেলোৱাৰ পৰিকল্পনা হাতত লৈছে পেট্ৰল পাম্প ডিলাৰ সংগঠনে৷

ডিলাৰৰ কমিছন নবঢ়ালে অহা ১০মে'ৰ পৰা এনে এক কাৰ্যক্ৰমণিকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে সংগঠনটো৷ কনছৰ্টিয়াম অফ ইণ্ডিয়ান পেট্ৰ'লিয়াম ডিলাৰছ চমুকৈ চিপআইডিয়ে এক বৈঠকত ১০মে'ৰ পৰা কেৱল ৮ ঘন্টাহে পেট্ৰল পাম্প খোলা ৰখাৰ প্ৰস্তাৱ লৈছে সংগঠনটোৱে৷ উক্ত দিনটোতে সংগঠনটোৱে "ন’ পাৰ্চেচ ডে" ঘোষণা কৰিছে। অৰ্থা উক্ত দিনটোত কোনো পেট্ৰ'ল পাম্পত তেল কিনা-বেচা কৰা নহ'ব। 

চিপিআইডিৰ সভাপতি এ বি সত্যনাৰায়ণে জনোৱা অনুসৰি ৰাষ্ট্ৰৰ অধীনস্থ তৈল প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ নিৰ্লিপ্ত মনোভাৱৰ পৰিপ্ৰেক্ষাততে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ এই সিদ্ধান্তই দেশত অধিক খামখেয়ালিৰ সৃষ্টি নকৰে যদিও সমস্যা সন্দৰ্ভত  নিৰ্লিপ্ত চৰকাৰ তথা তৈল প্ৰতিষ্ঠানৰ লগতে জনসাধৰণলৈ চিপিআইডিৰ অভিযোগ জনোৱাত সহায় কৰিব৷  

অপূৰ্ব চন্দ্ৰ কমিটিৰ প্ৰতিবেদন অনুযায়ী সংগঠনটোৰ দাবী মানি লোৱাৰ বাবে তেলৰ মাৰ্কিটিং প্ৰতিষ্ঠানবোৰে লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত বিষয়টো উলাই কৰি আহিছে৷ কমিটিৰ সিদ্ধান্ত মৰ্মে ডিলাৰে পেট্ৰলত ৩৩৩৩ টকা প্ৰতি কিলো লিটাৰ আৰু ডিজেলত ২১৩৬ কিলো লিটাৰ হিচাপে নিৰিখ নিৰ্ধাৰণ কৰি দিছিল৷

তাৰ পৰিৱৰ্তে সম্প্ৰতি ডিলাৰে পেট্ৰ'ল আৰু ডিজেলৰ বাবে ক্ৰমে ২৫৭০ আৰু ১৬২০ টকাহে পায় বুলি চিপিআইডিৰ সচিব ৰবি চিন্দে জানিবলৈ দিয়ে৷ উল্লেখ্য যে  ডিজেটেল পেমেন্টত অতিৰিক্ত শুল্ক আদায় দিব লগা হোৱাত জানুৱাৰীত পেট্ৰ'লত পাম্পবোৰে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হস্তক্ষেপৰ বাবে বাধ্য কৰিছিল৷ তাৎপৰ্যৰ কথা এয়ে যে চিপিআইডিৰ অধীনত প্ৰায় ৫০ হাজাৰৰো অধিক ডিলাৰ আছে। এনে সিদ্ধান্তৰ ফলত দেশজুৰি বিস্তৰ প্ৰভাৱ পৰিব বুলি দৃঢ়মত পোষণ কৰিছে চিপিাইডিয়ে।